শুধিলে “তোমাৰ ঘৰ ক'ত? তুৰি কাৰ পুতেক?” “আতাই কলে বাপ, বৰনাৰায়ণপুৰৰ সাওকুচি গ্ৰামত। লৱৰ পুত্ৰ তিতাচোমদাৰ মোৰ পিতৃ। মোৰ নাৰ পদ্ম।” এই কথা শুনি মাধৱদেৱে কলে তেওঁ তিতাচোমদাৰ নহয়, চম্পা-চোমদাৰ। তেওঁৰ পদুলিত ভয়ঙ্কৰ চম্পাগছ এজোপা আছে, তাৰ ওপৰত উঠিলে লৌহিত্য নদক টনাগাছি যেন দেখি। সেই চম্পাগছৰ চম্পাফুল সৰুতে মই পিন্ধিছিলোঁ। চম্পাৰ পাহি সাত আঙ্গুল দীঘল। সেই গছজোপা এতিয়াও আছে নে?” আতাই কলে “বাপ, তাক সমূলি কাটলে, সি আৰু নাই।” মাধৱদেৱে কলে “সাওকুচি গ্ৰামৰ নাম কলা, সাওদসকলে বাণিজ্য কৰিছিল দেখি তাক সাওকুচি বোলে।” মাধৱদেৱে আকৌ শুধিলে “তুমি মোক কেনেকৈ জানিলা?” আতাই উত্তৰ দিলে “স্বপ্নত আৰু শাস্ত্ৰত দেখি জানিলোঁ।” আকৌ মাধৱদেৱে কলে “স্বপ্নত দেখিলে জানো কিবা পৰিচয় হয়? স্বপ্নত অষ্টনিধি ভাণ্ডাৰ আগতে পোৱা যায়; সাৰপালে জানো সি থাকে? কি শাস্ত্ৰ দেখি তুমি নিশ্চয় কৰিলা?” আতাই উত্তৰ দিলে ‘ৰাজসূয় শাস্ত্ৰখনি দেখি আপোনাৰ চৰণ চিনিলো।” মাধৱদেৱে কলে “মই সেইখন পুথিৰ পদ ৰচনা কৰিছোঁ হয়। এই জালুক কত পালা? তোমাৰ বেপাৰ আছে নে, ঘৰতে আৰ্জিলা?” আতাই কলে “বাপ, মোৰ কৃষিকৰ্ম্মও নাই, বাণিজ্যও নাই, গঙ্গাযাত্ৰী লোকেৰে সৈতে আহিলোঁ; গঙ্গা লৈ যোৱা শুনিলে গ্ৰামিক লোকে ইচ্ছা কৰি আনি বস্তু দিয়েহি; সেই কাৰণে মই এই বস্তু পালোঁ।” মাধৱদেৱে কলে “আমুকাই, তেনে হলে তুমি তীৰ্থলৈ যাৰ লাগে।” আতাই কলে “বাপ, মোৰ তীৰ্থত কাৰ্য্য নাই; আপোনাৰ চৰণ সেবি থাকিব পাৰিলেই মোৰ মহা ভাগ্য।” গুৰুজনে কলে “তীৰ্থত তোমাৰ কাৰ্য্য নাথাকিব পাৰে, কিন্তু তোমাত তীৰ্থৰ কাৰ্য্য আছে।” আতাই কলে “মোৰ শৰীৰত বাতৰ ব্যাধি আছে; আৰু লগ নাই, মোক কোনে বাট দেখুৱাই নিব?” মাধৱদেৱে কলে “মোৰ হাতত নাৰায়ণ তৈল আছে, লক্ষ্মীনাৰায়ণ ৰজাই সেই তেল মোক দিছিল। মহা উপকাৰী তেল। সেই তেল মই তোমাক লবলৈ দিম, তুমি চিন্তা নকৰিবা, তোমাৰ শৰীৰ আৰোগ্য হব। কলাপ কেশৰী নামে দুজন তীৰ্থযাত্ৰী আছে, তেওঁলোকৰ লগত তুমি গঙ্গাস্নান কৰিবলৈ যাব পাৰিবা।” এই বুলি কলত, আতা ৰংমনেৰে থাকিল। তিন দিনৰ মুৰত তেওঁ গঙ্গাস্নান কৰিবলৈ