সীয়ক; কাৰণ তেওঁ আহিলে আপোনাক আৰু কোনে পুচিব? আপুনি ভিক্ষাৰী হব লাগিব।” দেৱগোপালে কলে “মই নাও দিম বুলি প্ৰতিশ্ৰুত হলোঁ, দিবই লাগিল, নিদিওঁ বুলি কব নোৱাৰো।” ভকত কেইজনে কলে “আকউ তেওঁ নাৱৰ কথা কলে আপুনি একো নামাতিব,তেনেহলে তেওঁ গুচি যাব।” এইবোৰ কথা ভাটকুচি আতাই শুনি থাকি তেওঁৰ মনত ইমান বেজাৰ লাগিল যে তেওঁ সিজা ভাত পেলাই দি ভোজন নকৰি ৰাতি লঘোনে ভোকে শুই থাকিল। ৰাতিপুৱাই আতাই উঠি গোপালদেৱক শুধিলে “নাৱৰ বিষয়ে কি হল, কোৱা? বেলা হল, সোনকালে মই যাব লাগে।” ভকত কেইজন সেই সময়ত বংশীগোপাল দেৱৰ কাষতে আছিল , বংশীগোপালদেৱে ভাটিকুচি আতাৰ কথাৰ উত্তৰ নিদি মনে মনে থাকিল। কিন্তু ভকত কেইজনে কলে “গুৰুজন নো কিয় আহিব খুজিছে। আহিব খুজি তেওঁ ভাল কৰা নাই। এবাৰ আসাম ৰজাৰপৰা ইমান সুখ পাই গৈছে, আকৌ অসমলৈ অহা উচিত নহয়।” এই উত্তৰ গুনি ভাটকুচি আতাই মনত বৰ বিষাদ পাই, তেতিয়াই তাৰপৰা উঠি গুচি গল। ভাটী- বেলা তেওঁ গৈ হৰিপুখুৰী পালেগৈ। সেই সময়ত পদ্ম আতাই আমি ওপৰত কৈ অহা ৰাজসূয় পুথিখন লেখিবলৈ উদ্যোগ কৰিছে; জগন্নাথচৰণে লিখনৰ দ্ৰব্য পাত মহী এটি কৰণীত আনি দিছে। আতাই পুৰ্ব্ব মুখে বহি পুথিখনিৰ এটি পাত লেখিছে, ঠিক এনে সময়তে ভাটকুচি আতাই আহি পিছ ফালে থিয় দি পদ্ম আতাক সম্বোধন কৰি কলে জবা হৰিৰ পো, কি শাস্ত্ৰ লিখিছা? পাত মহী ভাল নহয়; আৰ্হি অশুধ।” আতাই ঘূৰি চাই শুধিলে “শুধ আৰ্হি কত পাম?" কেশৱচৰণ আতাই কলে “তাক মই আনি দিম।” এই কথা শুনি পদ্ম আতাই তেওঁক “কৰপৰা আহিলা?” বুলি শুধিলত ভাটকুচি আতাই কলে “মোক মহাপুৰুষ গুৰুজনে পাঁচি দিলে।” ইয়াৰ পিছত দুইৰ সুখ দুখৰ কথা বাৰ্তা হল, আৰু মাধৱদেৱৰ বিষয়ে সকলো কথা ভাটকুচি আতাই পদ্ম আতা ফলে। পদ্ম আতাই কলে “মহাপুৰুষৰ পাশলৈ আমি যাব পাৰিম; কিন্তু কি দ্ৰব্য লৈ যাব লাগে কোৱা?" কেশৱ আতাই কলে “বিস্তৰ দ্ৰব্য নালাগে। চাউল লোণ তেল আৰু এখনি নাও প্ৰস্তুত কৰি ৰাখাঁ, তোমাক লৈ মই অৱশ্য যাম।” এই বুলি মিষ্টালাপ কৰি দুইজন থাকি, ভাটকুচি আতাই প্ৰভাততে স্নান ভোজন কৰি গুৰুৰ আজ্ঞামতে শলখলৈ গল।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৫৮
অৱয়ব