২২৬ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ জনে জনে সকলে ভক্তৰ নাম কাঢ়ি বাৰ্তা পুছি সকলো বাৰ্তা শুনি সন্তোষ পালে। মাধৱদেৱে বিশেষকৈ সখিয়েকৰ বাৰ্তা পুছিলত, পৰমানন্দই কলে “বাপ, আপুনি অহাব দিনাৰপৰা পিতৃদেৱ মৰণাস্তিক হৈ বিষাদ মনেৰে থাকে। পিতাই কাৰ মুখে আপোনা বাৰ্তা পাব তাকেহে চিন্তি থাকে; এতিয়া মোকে বাৰ্তা লবলৈ পঠিয়াই দি বাটলৈ চাই আছে।” এই কথা শুনি মাধৱদেৱ সলোতক হৈ কিছুমান বেলি মৌন হৈ থাকিল। পৰমানন্দক মাধৱদেৱে কিছু দিন বাখি খুৱাই-বুৱাই তেওঁব বৃদ্ধ পিতা-মাতাৰ ওচৰলৈ পঠিয়াই দিলে। ঠাকুব আতাই পুতেকক উভতি অহা দেখি ঠগি আগবঢ়াই মাধৱদেৱৰ আৰু সকলোে সেৱকৰে সৈতে ধানৰ বাৰ্তা শুধি শুনি পবম সন্তোষ পালে। নিষ্কাম মহাপুৰষীয়া ধৰ্মৰ ওপৰত কী ব্ৰাহ্মণৰ বিদ্বেষ সদায়। শঙ্কৰদেৱৰ গোটেইটো সুদীৰ্ঘ জীৱন তেওঁলোকৰ বিদ্বেষ-বাণত জৰ্জৰিত হৈছিল; মাধৱদেৱবব দীৰ্ঘ জীৱন সেইদবে জলা-কলা। আশ্চৰ্যৰ বিষয় এই হে যে এতিয়াও এই কুৰি শতিকাৰ উদাৰ পাশ্চাত্য সভ্যতা আৰু বিজ্ঞানৰ দিনতত মহাপুৰুষীয়া ধৰ্ম্মব প্ৰতি উদিগৰিত সেই বিদ্বেষ- বিষৰ জইন মবা নাই। বেহাৰ ৰাজ্যৰ ব্ৰাহ্মণসকলে ৰজা লক্ষীনাৰায়ণক সেই পুৰণি খল লগালে যে মাধৱে আৰু তেওঁৰ ভকতবোৰে পিতৃ-শ্ৰাদ্ধ মাতৃ-শ্ৰাদ্ধ নকৰে, এতেকে তেওঁলোক অনাচাৰী। ৰজাই এই অভিযোগ শুনি মন্ত্ৰীসকলক সেইটো সঁচা নে মিছা পৰীক্ষা কৰিবলৈ কলে। ৰজাঘৰৰ এই খবৰ মাধৱদেৱৰ কাণত পৰিলত, তেওঁ বিঘিনিৰ আশঙ্কা কৰি সকলো ভকতক সাৱধানে থাকি চলিবলৈ কলে, আৰু শ্ৰাদ্ধ কৰিবলৈ কলে। ভকতসকলক তেওঁ আৰু কৈ দিলে যে “তোমালোকে বস্তু কিনিবলৈ বজাৰলৈ গলে পোহাৰীয়ে যি বস্তুৰ যি মুল্যকে বলে তাকে দি লৈ আহিব, পোহাৰীৰ মুখৰ ফালে দৃষ্টি নকৰিবা। ওলাওঁতে সোমাওঁতে সকলো কাৰ্যতে তোমালোক সাৱধান হৈ চলি। যেতিয়ালৈকে আমাৰ ওপৰত ৰজাৰ প্ৰত্যয় নহয়, তেতিয়ালৈকে খুব সাৱহিত হৈ থাকি।” গুৰুজনৰ আজ্ঞা শিৰত ধৰি ভকতসকলে সেই দিনাৰপৰা সাৱধানে চলিবলৈ ধৰিলে; আৰু বাৎসৰিক এদ্ধি কৰিবলৈ ধৰিলে। শীৰ আতাই এ নকৰা দেখি ভকতসকলে