পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 জয়ন্তাৰ পুত্ৰ সতানন্দ। সতানন্দৰ পুত্ৰ জগতানন্দ বা ৰামৰায়;তেওঁৰ মাকৰ নাম নাৰায়ণপ্ৰিয়া। মাধৱৰ পুত্ৰ মাধৱীদলৈ। মাধৱীদলৈৰ পুত্ৰৰ নাম ৰতিকান্ত। ৰতিকান্তৰ পুত্ৰৰ নাম হাতীয়া বা হাথীয়াদলৈ। হলয়ুধৰ সন্তান হোৱা নাছিল। ৰতিকান্ত ব্ৰক্ষ্মজ্ঞানী আছিল বলি চৰিত্ৰত উল্লেখ কৰা আছে। সুৰ্য্যবৰৰ পুতেকৰ নাম শঙ্কৰৰ জন্মদাতা বিখ্যাত কুসুমবৰ। আহিনৰ এদিন যোৱাত শুক্লাদশমী শুক্ৰবাৰে কুসুমৰ জন্ম হয়।


আৰু পচিমলৈ ক্ৰমাৎ ৰাজ্য বিস্তাৰ কৰিবলৈ ধৰিলে। ইয়াৰ ভিতৰতে, তেওঁবিলাকৰ বল আৰু সাহস বৃদ্ধি হোৱাৰ আৰু এটা কাৰণ হল। উত্তৰৰপৰা ভোটে আৰু দক্ষিণৰপৰা কছাৰীয়ে তেওঁবিলাকক সততে জুলুম কৰি থকাত ভূঞাসকল যুদ্ধবিদ্যা অভ্যাস কৰিবলৈ বাধ্য হল। গ্ৰাসাচছাদনৰ অভাৱ সমূলি নথকাত মানসিক অনুশীলনৰ নিমিত্তে তেওঁবিলাকৰ আগৰেপৰা ঢাল আছিল। তেওঁবিলাকৰ জন্মভূমি কনৌজৰ সভ্যতা সেই সময়ত আঢ়ৈ হেজাৰ বছৰীয়া। কনৌজ পঞ্চালীবিলাকৰ ৰাজধানী আছিল। সপ্তম শতিকাত দ্বিতীয় শিলাদিত্যৰ তলত কনৌজ শিক্ষা আৰু সভ্যতাৰ কেন্দ্ৰস্থান আছিল।এতেকে তেনে ঠাইৰ বাসিন্দাসকলে ওপৰত কৈ অহা সুবিধাজনক অৱস্থাত পৰি মানসিক উৎকৰ্ষতা নকৰাটোহে অতি আচৰিত হলহেঁতেন।”

-শ্ৰীযুত দেৱানন্দ ভৰালীৰ প্ৰৱন্ধ। আলোচনী। ২য় , শাওণ।

 “আদিচৰিত” নামে ছপা হৈ ওলোৱা পুথি এখনত শঙ্কৰদেৱৰ উপৰি পুৰুষৰ বৃত্তান্ত আন এক প্ৰকাৰে দিয়া আছে, যাৰে সৈতে গুৰুচৰিত্ৰ পুথিবিলাকত লেখা বৃত্তান্ত নিমিলে। সেই পুথি ৰচোঁতা মাধৱদেৱ বুলি কোৱা হৈছে। আমি ডাঠকৈ কৰ পাৰোঁ যে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰাই সেই পুথি বিৰচিত নহয়। তাৰ প্ৰথম কাৰণ হৈছে মহাপুৰুষ মাধৱদেৱৰ মৰমৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰ ৰচিত গুৰুচৰিত্ৰৰ বিবৰণৰ সি বিৰোধী। ৰামচৰণ ঠাকুৰক মাধৱদেৱে পঢ়াই শিকাই লগতে ৰাখি ডাঙৰ দীঘল কৰিছিল। শঙ্কৰদেৱৰ বংশৰ সম্বন্ধে নিশ্চয় ৰামচৰণৰ জ্ঞান মাধৱদেৱৰপৰা। মাধৱদেৱে যদি আদিচৰিত পুথি লিখিলেহেঁতেন, সেই পুথিত লিখাদৰেহে তেওঁ ৰামচৰণ ঠাকুৰক শিকালেহেঁতেন। শঙ্কৰদেৱৰ চৰিত্ৰ প্ৰণেতা দ্বিজভূষণেও যি লেখিছে, সিও আদিচৰিতৰ সৈতে অমিল। দ্বিজভূষণো মাধৱদেৱৰ দ্বাৰাই অনুপ্ৰাণিত। মাধৱদেৱৰ দ্বাৰাই স্থাপিত, আৰু তেওঁৰ প্ৰধান শিষ্যসকলৰ দ্বাৰাই স্থাপিত মহাপুৰুষীয়া সত্ৰবিলাকত গুৰু-চৰিত্ৰত লিখা মতে হে শঙ্কৰদেৱৰ উপৰি পুৰুষসকলৰ কথা কয়, আদিচৰিতৰ মতে নকয়। আদিচৰিতৰ ৰচনা প্ৰণালীলৈ চালেও,সি যে মাধৱদেৱৰ অমৃতময়ী লেখনীৰপৰা ওলোৱা নাই, সেইটো স্পষ্টকৈ দেখা যায়। এতেকে “আদি চৰিতৰ" লেখক যে কোনোবা মাধৱহে, অথবা সি মাধৱদেৱৰ নামে চলাবলৈ কোনোবাই কৰা বৃথা চেষ্টা হে তাত সন্দেহ নাই।

 কিন্তু এটা কথাৰ উৱাদিহ আদি চৰিতে দিয়ে। চণ্ডীবৰ বংশৰ ভূয়াঁসকল আসামলৈ অহাৰ আগৰেপৰা আসামৰ লক্ষীমপুৰ অঞ্চলত আন এক বংশৰ ভূয়াঁসকল যে আছিল এইটো বাৰ লেখটোৰ প্ৰতিপত্তি বংশ বা সম্প্ৰদায়ৰ শ্ৰেষ্ঠ লোকৰ সংখ্যা বুজোৱাত ভাৰতৰ অনেক ঠাইত আছে। পুৰ্ব্ববঙ্গতো বাৰভূয়াঁ আছিল। সকলোৰে ভিতৰত বাৰ অংকৰ প্ৰাদুৰ্ভাব দেখা যায়। বঙ্গদেশতো আৰু আসামতো ভুয়াঁসকলৰ নাম ওলালেই “বাৰভূয়াঁ” বোলা