উনত্ৰিংশ অধ্যায় মাধৱদেৱৰ কামৰূপ পৰিত্যাগ আৰু বেহাৰত বাস হাজোৰ দেৱালয়ৰ বাহ্মণসকলে প্ৰতিদিন মাধৱদেৱৰ কাষলৈ আহি কথা-বাৰ্তা পাতি অনেক সাদৰ-সম্ভাষণ কৰি তেওঁক দেৱালয়লৈ গৈ মাধৱক দৰ্শন কৰিবলৈ কৈ থাকে। আগেয়ে ৰজ। বদেৱেও তেওঁক হাজালৈ যাবলৈ আজ্ঞা দিছিল; সেইদেখি এদিন মাধৱদেৱ সেৱকসকলেৰে সৈতে হাজোৰ মন্দিৰলৈ গল। দেৱালয়ৰ নাট-মন্দিৰৰপৰাই তেওঁ মাধৱ মুত্তিক দৰ্শন কৰি উভতি আহিল। নাটমন্দিৰৰ দুৱাৰৰ পাটত মাধৱদেৱে হাত দি থিয় হৈ আছিল; তাত হাতৰ আঙুলিৰ চিহ্ন ৰৈ গল। শ্ৰীৰাম আতাই তেওঁৰ লাও আৰু কঁথা বাহিৰতে থৈ বহি আছিল; এনেতে মাধৱদেৱ উভতি অহা দেখি শ্ৰীৰামে তেওঁৰ লাও আক কথা তুলি উঠিল। আজি পৰ্যন্ত শীৰাম আতাৰ সেই লাওৰ চিন পথাৰত খোৰ হৈ ৰৈ আছে। মাধৱদেৱে পাণ্ডা দলে সকলক দক্ষিণ দি, অনুক্ৰমে আহি নিজৰ নাৱত প্ৰবেশ কৰিলে। হাজোৰ বালিতে মাধৱদেৱ এইদৰে কিছুদিন আছে; তেওঁৰ নাম শুনি চাৰি ফালৰপৰা আহি মানুহ তেওঁৰ ওচৰত ভৰি পৰিবলৈ ধৰিলে। দেৱালয়ৰ পাণ্ডাসকলে দেখিলে যে মানুহে দ্ৰব্য বস্তু ভাৰ-ভেটী আনি মাধৱ- দেৱক হে সৰহকৈ দিবলৈ ধৰিলে, দেৱালয়ৰ ফালে আৰু নেপায়। এনে হোৱা দেখি পাওসকলে ভাবিলে যে মাধৱক ইয়াৰপৰা নেখেদিলে তেওঁ- লোকৰ অসুবিধা হল, এতেকে কোনোমতে মাধৱক হাজোৰপৰা খেদিব লাগিল। ইয়াকে থিৰ কৰি ৰাহ্মণ পিণ্ডাসকলে ৰজাৰ আগত মাধৱদেৱৰ নানে গোচৰ দিলে গৈ। ৰজাই পাণ্ডাসকলক উত্তৰ দিলে “জীয়া মাধৱে সকলোকে টানি আনে, তোমাৰ মাধৱে তাত বাধা নিদিয়ে কিয়? কাৰণ তোৰ মাধৱ মৰ। তথাপি তোমালোকে গৈ মাধৱক কব পাৰি যে তেওঁৰ