পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

কথা কলত, তেওঁ বোলে “মই গোকুললৈ যাবলৈ বিচৰা নাই।” তেওঁ তেতিয়াই সেই কথা ৰজাক জনাবলৈ ৰূপাবৰ লস্কৰক ৰজাৰ ওচৰলৈ পঠিয়াই দিলে। লস্কৰে গৈ ৰজাৰ ভোগ ৰান্ধনি বামুণক ধৰিলে যে তেওঁ ৰজাক বুজাই কওক যে মাধৱদেৱে গোকুললৈ যাবলৈ বিচৰা নাই; তেওঁক আন এডোখৰ পুণ্য ঠাইহে নিৰুপণ কৰি দিব লাগে। ভোগ ৰান্ধনি বামুণে ৰজাক কলে যে “মহাৰাজ, আপুনি নবুজি মাধৱক গোকুললৈ যাবলৈ আজ্ঞা দিছে। গোকুল বৃন্দাবন কাশী এইবোৰ ঠাই আপোনাৰ নহয়। লোকৰ ঠাই আপুনি কেনেকৈ দিব? মাধৱদেৱক আপোনাৰ ৰাজ্যৰ ভিতৰৰে এডোখৰ পুণ্যভূমি দিয়ক।” ৰজাই ভাবি কলে যে “তেন্তে পুণ্যভূমি হাজো; তালৈকে মাধৱ যাওক, তাতে থাকক গৈ।” এই বুলি ৰজাই দূত পঠিয়াই মাধৱদেৱক হাজোলৈ যাবলৈ আজ্ঞা দিলে। ৰজাৰ আদেশ শুনি মাধৱদেৱ নিৰুপায় হৈ হাজোলৈ নাৱেৰে যাত্ৰা কৰি গৈ হাজোৰ ওচৰত ৰামবালি নামেৰে বালিতে নাও বান্ধি ৰল।

 কেশৱচৰণ আতাই উজনিলৈ আহোতে বাটতে মাধৱদেৱৰ বিধিনিৰ বাতৰি শুনি মনত বৰ বেজাৰ কৰি, কুমাৰগৰি নামে গাঁৱত ৰৈ তাতে থাকি ভোজন কৰিবলৈ চাউল সিজাইছিল, এনেতে এজনী স্ত্ৰীলোকে তেওঁক বাতৰি দিলে, যে তেওঁ যাৰ নিমিত্তে বেজাৰ কৰি আছিল, সেইজন এই বালিতে নাও বান্ধি আছে। এই বাতৰি শুনি কেশৱচৰণ আতাই ব্যস্ত হৈ পৰি ৰন্ধা ভাতৰ চৰুটো উবুৰিয়াই ভাত পেলাই এৰি থৈ লৰা- লৰিকৈ মাধৱদেৱৰ ওচৰ পালেহি। মাধৱদেৱে কেশৱচৰণক দেখি আচৰিত হৈ শুধিলে “কেশৱৰণ, তুমি এতিয়াও উজানলৈ যোৱা নাই?” কেশৱ- চৰণে কলে “বাপ, ৰজাৰ বিচেষ্টাৰ কথা শুনি মহা চিন্তিত হৈ আপোনাৰ ভাল মন্দৰ বুজ লবলৈ ৰৈছিলোঁ; এতিয়া আপোনাৰ শ্ৰীচৰণ দেখিহে মোৰ মনলৈ শান্তি আহিছে।” এই কথা শুনি মাধৱদেৱে কেশবচৰণক আদ্যোপান্ত সকলো ঘটনা, কৈ কলে “তুমি আৰু বিলম্ব নকৰি উজনিলৈ যোৱাঁ বাটত তিনটা ভয় পাবা। তুমি অনা নাৱলৈ ৰাটচাই মই ইয়াতে থাকিম।" গুৰুজনৰ এই কথা শুনি কেশচৰণ আতা তেতিয়াই উজানলৈ যাবলৈ ধৰিলে।