পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৪ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ গোবিন্দ নামে তাঁতী এজনে এদিন গুৰুজনক সেৱা কৰি ওচৰতে বহিলত, তেওঁ ভোজন কৰিছেনে নাই, গুৰুজনে তেওঁক শুধিলে। তেওঁ উত্তৰ দিলে ‘ঘবত ধান চাউল নাই, কি ভোজন কৰিম? খেতি কৰোঁহে কবে। তথাপি মোৰ খাবলৈ নাটে।" এই উত্তৰ শুনি মাধৱদেৱে তেওঁক কলে “তুমি অধম কৰা, সেই দেখি এনে হয়। কাপোৰ ববলৈ তোক সুতা দিলে তুমি তাবে সুতা ৰাখি থোৱা; সেই পাপত তোমাৰ ঘৰত লক্ষী নাথাকে। আজিৰপৰা কিঞ্চিত্মানো সূতা নাৰাখিব, দেখিব। তোমাৰ ঘৰত লক্ষ্মীশ্ৰীয়ে বাহ লব।” গোবিন্দে সেইদিনাৰপৰা গুৰুৰ বাক্যমতে চলি দেখিলে যে তেওঁৰ ঘৰত ধনধান্য উপচি পৰিছে। বৰপেটা থানত মাধৱদেৱব এটি সুন্দৰ বঙ্গিয়াল ঘৰ কৰিবৰ মন হল। গুৰু এই ইচছাৰ কথা জনাই চাৰিউফালৰ সেৱক সকলক জান দিয়া হলত, সকলোৱে বেত, বাঁহ, শাল কাঠ, পাট, ৰুৱা, খুটা, চতি, ফুকাম আদি প্ৰস্তুত কবিলে; সূতাৰ, চিত্ৰকাৰ সকলক অনা হল; ঠাই পৰিষ্কাৰ কবি ভেটি বন্ধোৱা হল, হেঙ্গুল, হৰিতাল আদিব ৰহণ, সোণ ৰূপৰ ৰহণ আদি প্ৰস্তুত কৰাই চতি মাবলি ফুকাম আদিত বিচিত্ৰ কৰি লগোৱা হল। ঘৰৰ চতি এটি লগোৱাৰ বিষয়ে এটি অলৌকিক ঘটনাৰ কথা আছে, এটি চতি চাচি-কাটি ঠিক কৰা হলত জুখি দেখা গল যে সি এবেগত চুটি হয়। মাধৱদেৱক এই কথা জনোৱা হলত, তেওঁ নিজেও জুখি চাই দেখিলে যে চতিটো ঠিক আদহাত চটি। এনে হোৱা দেখি তেওঁ অলপ পব ভাবি, চটিটো অকলৈ ওপবলৈ তুলি খুটাব কাণৰ কাষলৈ নিলত দেখা গল, যে চতিটো ববং এহাত বাঢ়িল হে, সেইদেখি তাৰ সেই বঢ়া- ভোব কবতেৰে কাটিব লগীয়া হল। যদুমণি নামে এজন বলী ভকত ওচৰতে আছিল, তেওঁক চটিটো কান্ধ পাতি ধৰিবলৈ মাধৱদেৱে কত, যদুমণিয়ে কান্ধ পাতি ধৰিলে। চটিটো ইমান গব যে চল্লিশজন লোকেহে তাক লাবচবাব পাবে। যদুমণিৰ তেনে বল দেখি মাধৱদেৱে তেওব নাম ভীমসেন দিলে। সেই ঘৰৰ চালত নিজেই মাধৱদেৱে প্ৰথমতে পঞ্চমুখী গাঠি এটা দিলে, আৰু নাৰায়ণ ঠাকুব আতাই চৰাই-খীয়া গাঠি এটা দিলে। তাৰ পিছত সেৱকসকলে সেইদৰেই সুন্দবকৈ গাঠি দি চাল বান্ধি- বলৈ লাগিল। বাঢ়ৈয়ে চতিত লতাফুল কাটিলত, মাধৱদেৱে বাঢ়ৈক