মাধৱদেৱ বৰপেটা থানত থাকি ধৰ্ম্ম প্ৰকাশ কৰি থাকোতে চাৰিউফালৰ
পৰা অনেক লোকে আহি ধৰ্মক ধৰিলে। থানৰ হাটী ছকুৰিজন ভকতেৰে
পূৰ্ণ হল। দক্ষিণ-কুলত গোবিন্দ নামে এজন থাকে; তেওঁ তেওঁৰ মাতৃৰে
সৈতে আহি গুৰুজন পাশত ধৰ্মক ধৰিলে। গোবিন্দৰ মাকক মাধৱদেৱে
বলাই আতৈৰ মাকেৰে সৈতে নিতৌ কীৰ্ত্তন ঘৰত পুৱাই প্ৰসঙ্গ কৰিবলৈ
আদেশ কৰিলত, তেওঁ মেনাৰ-জীকে আদি কৰি আন আন ভকতনীসকলেৰে
সৈতে নিতৌ প্ৰভাত কালতে প্ৰসঙ্গ কৰিবলৈ ধৰিলে। সেই নিয়ম অনুসৰি
আজিলৈকে বৰপেটা সত্ৰত পুৱা বুঢ়ী ভকতীসকলে প্ৰসঙ্গ কৰে।
বুঢ়া আতাৰ ভাৰ্য্যাই দিনৌ মাধৱদেৱৰ ওচৰলৈ আহি তেওঁৰ চৰণত প্ৰণাম কৰিহে ভোজন কৰিবলৈ যায়, প্ৰণাম নকৰাকৈ ভোজন নকৰে। এদিন গৃহকাৰ্যত লাগি থকাত তেওঁৰ আহিবলৈ পলম হল; ইফালে গুৰুজনে খাইবৈ শয়ন কৰিলে। এনেতে তেওঁ আহি গুৰুজনক সেৱা কৰিবলৈ নাপাই, পুতেক বলাইৰ হাতত এটুকুৰা মাটি দি কলে “তুমি এই মাটিটুকৰা গুৰুজনৰ পাৱত লগাই লৈ আহাগৈ, মই তাকে সেৱা কৰি তেহে ভোজন কৰিবলৈ যাম।” বলায়ে মাটিডোখৰ লৈ গৈ অতি সন্তৰ্পণে গুৰুজনৰ চৰণত লগালত, গুৰুজনে চকু মেলি খপ-কৰে বলাইৰ হাতত ধৰি কলে “বলাই, তুমি কিয় চুৰ কৰিব খুজিছিলা?” বলায়ে কলে “মোৰ মাতৃয়ে মোক এনে কৰিবলৈ পঠিয়াই দিলে।” এই কথা শুনি গুৰুজনে বলাইৰ মাকক উপহাস কৰি গীত মাতিলে—“আলো গোয়ালৰ জায়া বোলেৰে গোপাল। আমাৰ গাৱে ধুলা দিলে তোমাৰ ছৱাল॥” বলাইৰ মাকে ঘৰৰ বাহিৰৰপৰা এই কথা শুনি চমকিত হৈ বাহিৰতে কাতৰভাৱে গুৰুক দৰ্শন কৰি সেৱা কৰিবৰ নিমিত্তে পৰি ৰল। ইয়াৰ পিছতে গুৰুজন বহিৰলৈ ওলাই আহি বহিলত, বলাই মাকে সেৱা কৰি নিজৰ ঘৰলৈ গল।
বুঢ়া আতাই এদিন মাধৱদেৱৰ চৰণত পৰি প্ৰাৰ্থনা কৰিলে, তেওঁক যেন দাসালি কাম দিয়া হয়। গুৰুজনে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰি সেই আদেশ প্ৰদান কৰিলে। সেই দিনৰপৰা বুঢ়া আতাৰ নাম মথুৰাদাস হল।
এদিন মাধৱদেৱে কৰ্ণপুৰ ব্ৰাহ্মণক আজ্ঞা কৰিলে যে দুই প্ৰসঙ্গৰ সময়ত যেন তেওঁ কীৰ্তনঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰি শুনায়। সেই দিনাৰপৰা সেই নিয়ম চলিল।