“আলো ভাই, চল আইস যাওঁ বৃন্দাবনে।
দেখো গৈয়া আনন্দ নয়নে॥
সকল বৃন্দাবন চানি।
জয় জয় ৰাম কৃষ্ণ ধ্বনি॥
সুৰভি চলয় হাম্বাৰাৱে।
বিনোদ মিলিছে ঠাৱে ঠাৱে॥
ৰঙ্গে বায় শিঙ্গা শঙ্খ বেণু।
নাচে হাসে গাৱে চাৰে ধেনু॥
যি সুখ মিলিছে বৃন্দাবনে।
সি সুখ নাহিকে ত্ৰিভুবনে॥
ৰাম কৃষ্ণ নোহন্ত মানুষ।
তাঁৰা দুই পৰম পুৰুষ॥
ব্ৰজৰ প্ৰজাৰ ভাগ্য বৰ।
কহয় মাধৱ ওহি দৃঢ়॥
দ্বিতীয়টি গীত—
আলো ভাই, গোকুলে আনন্দ জয় জয়।
মিলিবে পৰম মহোদয় ॥
যিতো নিগমৰ গুপ্ত বিত্ত।
হেন হৰি গোকুলে বিদিত॥
এইদৰে মাধৱদেৱে সেৱকসকলেৰে সৈতে গৈ বৰপেটা বিলৰ পাৰ পালত, বুঢ়া আতাই নাৱেৰে তেওঁলোকক পাৰ কৰি নি, ৰাম বুঢ়াই সজা গৃহত স্থান দিলে, গুৰুজনে তাতে সেৱকসকলেৰে সৈতে সুখেৰে ভোজন কৰি থাকিল। পিছদিনা ঠাকুৰ আতাকে আদি কৰি সকলো সেৱক উপস্থিত হলহি।
বৰপেটাত হাটীৰ নামঘৰ আদি সজাই সত্ৰ পাতি মাধৱদেৱ ভকত- সকলেৰে সৈতে আছে, এনেতে এদিন তাঁতীসকলে মাধৱ দেৱৰ ওচৰলৈ আমি প্ৰাৰ্থনা কৰিলে, যেন এটা ভাৱনা কৰা হয়। মাধৱদেৱে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ নিমিত্তে কোটোৰাখেলা নামে নাট ৰচনা কৰি ভাৱনা কৰিলে।