এদিন হৰিকীৰ্ত্তন পাতি মাধৱদেৱক প্ৰাৰ্থনা কৰি নিমন্ত্ৰণ কৰি লৈ গৈ,
কীৰ্ত্তনৰ অন্তত সোণ কাপোৰ আদি দ্ৰব্য বস্তু দি সেৱা কৰি কলে “বাপ
আজিহে মোৰ মনত ৰং হল, কাৰণ আজিহে মই অমৃত কৰৰ মানৰ শুতনি
দিলো।” এই কথা শুনি মাধৱদেৱে বিৰক্ত হৈ তেতিয়াই উঠি কলে,
“মই কি কৰিলোঁ। এনেজন মানুহৰ ঘৰলৈকে মই আহিছোঁ।”এই
বুলি মাধৱ কৰে দিয়া দ্ৰব্য বস্তু সকলোকে তাতে এৰিথৈ তেওঁ গুচি
আহিল।
এদিন বাপেক পুতেক ঠাকুৰ আতা আৰু পৰমানন্দৰ ভিতৰত তৰ্ক হল। ঠাকুৰ আতাই কলে “মই মহা ভাগ্যৱন্ত; মই শঙ্কৰদেৱক গুৰু আৰু মাধৱদেৱক সখি পালোঁ। শঙ্কৰদেৱে মোক নাৰায়ণ দাস নাম দিলে।” পুতেকে বাপেকক কলে “তোমাতকৈ মই হে বেছি ভাগ্যৱন্ত।” এই দৰে দুয়োৰ বাদ লাগি দুয়ো বাদ মীমাংসাৰ অৰ্থে মাধৱদেৱৰ পাশ পালেহি। মাধৱদেৱে পৰমানন্দক তেওঁ বাপেকতকৈ নিজক ভাগ্যৱন্ত বোলাৰ কাৰণ শুধিলত, পৰমানন্দই কলে “বাপ, মোৰ পিতাই শঙ্কৰদেৱৰ প্ৰসাদত তেওঁৰ পৰা ধৰ্ম্ম পালে; আপোনাক সখি পালে; নাৰায়ণ দাস নাম পালে; বৰ সদাগৰ নাম ৰজাৰপৰা পালে; পিতা জগতৰ উপকাৰী বুলি বিখ্যাত হল; এনেজন লোকৰ মই ঔৰষজাত পুত্ৰ; সেইদেখি মই তেওঁতকৈ শ্ৰেষ্ঠতৰ। মোৰ পিতা যি জনৰ ঔৰষজাত তেওঁৰ ভাগ্যত এনে ঘটা নাছিল; এতেকে পিতা মোতকৈ কেনেকৈ শ্ৰেষ্ঠ হল মোক কওক?" এই উত্তৰ শুনি মাধৱদেৱে পৰম আনন্দ পাই “ৰায় " দিলে “পৰমানন্দ, তুমি বাদত জয় হলা।”
এদিন গঞা লোকসকলে গোট খাই আহি মাধৱদেৱক কলে “কৃপালু গুৰু, এই চত মহীয়া বৰষুণ এটোপাও নাই; বৰষুণৰ অভাৱত আমাৰ খেতিপথাৰ শুকাই গল; এতেকে গোবৰ্দ্ধন নাট কৰি যাত্ৰা কৰিব লাগে।” প্ৰজাৰ প্ৰাৰ্থনা শুনি মাধৱদেৱে গোবৰ্দ্ধন নাটখন ৰচনা কৰি, বহু যত্ন কৰি সকলো সৰঞ্জাম প্ৰস্তুত কৰাই, ধেনু গোপ গোপী আদিৰে সৈতে নানা প্ৰকাৰ আয়োজন কৰি যাত্ৰা আৰম্ভ কৰিলে। মস্ত গোবৰ্দ্ধন পৰ্বত এটা সজাই তাৰ ওপৰত এজন বিপ্ৰক তুলি দিলে। যাত্ৰা শেষ হোৱা মাত্ৰকতে হুৰ্ হুৰ্ কৰে বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, আৰু ভাৱনা চাৰলৈ অহা