পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯১
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


আহি গুৰুৰ আগত থৈ গুৰুক সেৱা কৰিলে, কিন্তু মাধৱদেৱে তেওঁৰ ফাললৈ উভতিকে নাচালে। তেনে হোৱা দেখি ঠাকুৰ আতাই প্ৰাৰ্থনা কৰি কাৰণ শুধিলত, মাধৱদেৱে কলে “সখি, ই মোৰ শিষ্য বুলি গৰ্ব্ব কৰি ফুৰে। গৰ্ব্বীজন মোৰ কেতিয়াও শিষ্য নহয়।” এ বাক্য শুনি গোবিন্দে নিজৰ অপৰাধ স্বীকাৰ কৰি অনেক কাকুতি কৰিলতহে মাধৱদেৱে তেওঁক ক্ষমা কৰি কলে “ গোবিন্দ, তুমি আৰু গৰ্ব্ব নকৰিবা। আজিৰপৰা শুদ্ধ- সত্বভাৱে গৰ্ব্বশূন্য হৈ সাৱধানে ঈশ্বৰৰ নাম শ্ৰৱনকীৰ্ত্তন কৰি থাকিবা।”

 দক্ষিণৰ পৰ্হিয়া আতৈ নামে এজনে অনেক তীৰ্থ ভ্ৰমণ কৰি ফুৰি শেহত বদৰিকাশ্ৰমলৈ গৈ তাৰপৰা কুৰুক্ষেত্ৰ পালতহি তাতে তেওঁ স্বপ্ন দেখিলে যে তেওঁৰ দেশৰ ঘৰৰ ওচৰতে তেওঁ ঈশ্বৰক লাভ কৰিব পাৰিব, এতেকে তেওঁ উভতি ঘৰলৈ যাওক। এই স্বপ্ন দেখি পৰ্হিয়াই ঘৰ পাই কিছুদিন থাকি ভাবি আছিল, কত ধৰ্ম্মক পাম। এদিন তেওঁ মাধৱদেৱৰ গুণশীল শুনি, সেই স্বপৰ কথা সুমৰণ কৰি, কানি-কন্থা আৰু হাতত খন্তা লৈ সুন্দৰীলৈ আহি মাধৱদেৱৰ ওচৰত উপস্থিত হলত, মাধৱদেৱে তেওঁক কৰ বৰাগী বুলি, বাজলৈ যাবলৈ পাচিলে। বাহিৰৰ বাট-ঘৰতে পৰ্হিয়া আতৈ চাৰি দিন আছে, এনেতে পৰোপকাৰী কৃপাল নাৰায়ণ ঠাকুৰে তেওঁক দেখি সকলো বৃত্তান্ত শুধি লৈ, মাধৱদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি পৰ্হিয়াক শৰণ দিবলৈ কলত, মাধৱদেৱে নাৰায়ণ ঠাকুৰক কলে “বাৰু তোমাৰ কথাত পৰ্হিয়াক ধৰ্ম্মক দিম, কিন্তু তেওঁ মোৰ ওচৰলৈ অহাৰ আগেয়ে সেই বৰাগীৰ বেশ, আৰু দাড়ি গোফবোৰ খুৰাই ব্ৰতে উপবাসে থাকি শুচি- সঞ্জমন হওক।” পৰ্হিয়াই তেনে কৰিলত, মাধৱদেৱে তেওঁক শৰণ দিলে। ইয়াৰ কিছুদিনৰ পিছত মাধৱদেৱে শাস্ত্ৰ এখনি দি পৰ্হিয়া আতৈক নিজৰ ঠাইলৈ পঠিয়াই কলে “তুমি তোমাৰ ভাৰ্য্যা পুত্ৰক আৰু আন লোক যি শ্ৰদ্ধাৰে সৈতে তোমাৰ ওচৰলৈ ধৰ্ম্মপ্ৰাৰ্থী হৈ আহিব সেই সকলক ধৰ্ম্মক দিবা।”

 অমৃত কৰ আৰু মাধৱ কৰ নামে দুজন ভায়েক ককায়েক দৈবজ্ঞ্ দলৈয়ে মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰি পৰম ভক্তি কৰি থাকে। এদিন অমৃত কৰে তেওঁৰ গৃহত হৰিকীৰ্তন পাতি মাধৱদেৱক প্ৰাৰ্থনা কৰি নিমন্ত্ৰণ কৰি মহাভক্তিভাৱে হৰিকীৰ্ত্তন কৰাই, সুবৰ্ণ বন্ত্ৰ আদি দ্ৰব্য বস্তু দি বিদায় কৰিলে। ইয়াৰ পিছত অমৃত কৰৰ ককায়েক মাধৱ কৰেও সেইদৰেই