এইদৰে পিতা পুত্ৰৰ চিনাচিনি হলত, দুয়ো আনন্দমনেৰে ঘৰতে থাকিল।
বাপেক অভকতীয়া দেখি পুতেকে তেওঁৰ সৈতে একে ঠাইতে ভোজন
কৰিব নোৱাৰি তেওঁক কলে “পিতা, আমি গুৰুজনৰ ধৰ্ম্মক ধৰিছোঁ;
তুমি ধৰা নাই; সেই বাবে তোমাৰে সৈতে একত্ৰে দুয়ো ভোজন কৰিবলৈ
সঙ্কুচিত হৈছোঁ; এতেকে যাতে একত্ৰে দুয়ো ভোজন কৰিব পাৰোহঁক
তাৰ দিহা কৰিব লগা হল।” এই কথা শুনি বাপেকে পুতেকক কলে
মোকো ধৰ্ম্মক ধৰোৱা।” ইয়াৰ পিছত লক্ষ্মীকান্তই তেওঁৰ পিতৃক লৈ
গৈ মাধৱদেৱৰ ওচৰত উপস্থিত হলত, মাধৱদেৱে “এওঁকোন” বুলি শুধিলত
লক্ষ্মীকান্তই কলে “এওঁ মোৰ পিতৃ।” পুষ্কৰে ততালিকে কলে “লক্ষ্মী-
কান্ত হে মোৰ পিতা; কাৰণ তেওঁৰ নিমিত্তেহে মোৰ এই নতুন জনম
হৈছে।” এই কথা শুনি মাধৱদেৱে আনন্দ মনেৰে পুষ্কৰ আতৈক শৰণ
কৰালে। পুস্কৰে কৃতকৃত্য হৈ গুৰুজনৰ ওচৰত বিদায় মাগিলত মাধৱ
দেৱে লক্ষ্মীকান্ত আতৈক কলে “আজিৰ পৰা তুমি, যি বাঞ্ছা কৰে,তাক
ধৰ্ষক ধৰাবা।”
শ্ৰীশঙ্কৰদেৱৰ পূৰ্বৰ আদেশ সুমৰণ কৰি মাধৱদেৱে ঘোষা শাস্ত্ৰ এখন ৰচনা কৰিবলৈ মনোগত কৰি, শ্ৰীৰাম আতাক পাত, মহী, কাপ, কাঠী আয়োজন কৰিবলৈ আদেশ কৰিলত শ্ৰীৰামে সেইবোৰ প্ৰস্তত কৰি আনি কৰণি এটিত থৈ গুৰুজনৰ ফালে আগবঢ়াই দিলত, মাধৱদেৱে ঘোষা শাস্ত্ৰ খনি ৰচনা কৰিবলৈ ধৰিলে। শ্ৰুতি স্মৃতি ভাগৱত গীতা আদি শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি তেওঁ কিছুদিনৰ মূৰত শাস্ত্ৰখনি সমাপ্ত কৰি জীৱৰ তৰণৰ সাকো স্থাপন কৰিলে। যাক ঘুষি লোকে সংসাৰ তৰে, সেই কাৰণে শাস্ত্ৰখনিৰ নাম তেওঁ ঘোষা ৰাখিলে। সুন্দৰীদিয়াতে এই শাস্ত্ৰ বিৰচিত হয়। অনেক বৰগীত, নাট আৰু আদ্যকাণ্ড ৰামায়ণ মাধৱদেৱে সুন্দৰী থানতে ৰচনা কৰে।
চাৰিজন ভাই ককাই আছিল, তেওঁলোকৰ নাম হৰি, কৃষ্ণ, বিষ্ণু আৰু হাজাৰা যদুমণি। হৰি আৰু কৃষ্ণ এই দুইজনে বাণিজ্য কৰি ফুৰে, বিষ্ণু ৰজাৰ ঘৰত ৰাজকাৰ্য্যত থাকে, আৰু যদুমণিয়ে গৃহত থাকি গৃহস্থালি কাজ কাম চলায়।
হৰি আৰু কৃষ্ণই বেহা বেপাৰ কৰি ফুৰোতে মাধৱদেৱৰ গুণ যশ শুনি তেওঁৰ ওচৰলৈ গৈ ধৰ্ম্মক ধৰিলে। তেওঁলোকে ঘৰলৈ আহি