পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কিছুকালৰ মূৰত কমতেশ্বৰৰ নগৰলৈ এজন পণ্ডিত বাদ কৰিবলৈ আহিলত, সেই পণ্ডিতৰে সৈতে সমানে বাদ কৰিব পৰা কোনো পণ্ডিত ৰজাৰ ৰাজ্যত নথকাত ৰজাই চন্বদীবৰক বন্দীশালৰপৰা মোকোলাই আনি পণ্ডিতেৰে সৈতে বাদ কৰিবলৈ লগাই দিলত, চণ্ডীবৰে বাদত পণ্ডিতৰ হৰুৱালে। এই কাৰ্যত ৰজাই বৰ সন্তুষ্ট হৈ চন্দীবৰক আদৰ সন্মান কৰি তেওঁৰ চণ্ডীবৰ নাম সলাই দেবীদাস নাম দি আৰ ধন বস্তু মাটি বাৰী দি তেওঁক শিৰোমণি ভূয়াঁ পাতি ৰাখিলে। তেওঁ লেঙামাগুৰিত কিছুদিন থাকি তাৰপৰা উজাই আহি টেম্বুৱাণি বৰদোৱাত ঘৰবাৰী পাতি ৰলগৈ। (২) (৩) চণ্ডীবনে বাদ কৰা কথা বৰ্ণনা গুৰু-চৰিত্ৰত এইদৰে আছে--এদিন নদীযা শান্তিপুৰৰপৰা চন্দ্ৰকবি নামে পণ্ডিত এজন বাদ কৰিবৰ মনেৰে কমতাপুৰৰ ৰজাৰ ওচৰত উপস্থিত হলহি। ৰজাই তেওঁ ৰাজ্যত সেই


(২) “ভাৰতবৰ্ষত মুচলমান জাতিৰ অধিকাৰ হলত যেতিযা ১৩ শতাব্দিত তেওঁলোকে এহাতে শাণিত তৰোৱাল আন হাতে ইছলাম ধৰ্মৰ মুল কোৰাণ পুথি লৈ অধিকৃত প্ৰদেশৰ মানুহবিলাকক সেই বস্তু দুটি যাচি ফুৰে, সেই সময়ত কান্যকুব্জ নগৰৰ অনেক ধৰ্ম্মপৰায়ণ হিন্দুৱে ধৰ্ম আৰু প্ৰাণ লোপৰ ভয়ও দেশ এৰি পৰ্ব্বতে হাবিয়ে অশেষ দুখ সহি লুকাই ফুৰিছিল। এই লোকসকলৰ মাজত শঙ্কৰদেৱৰ উপৰি বংশধৰ লণ্ডাদেৱ গিৰি আৰু তেওঁৰ পুতেক চান্দীবৰ গিৰি আছিল। এওঁলোক দুজন মচলমানৰ উপদ্ৰবত বহুদিন পৰ্ব্বতে হবিয়ে লুকাই ফুৰি অৱশেষত কান্যাকুব্জ নগৰলৈ যোৱা নিৰাপদ নহয় জানি বঙ্গদেশৰ উওৰ অঞ্চলৰ গৌড় নামে এক নগৰত আহি বাস কৰে। এই সময় এই গৌড় নগৰত ৰজা ধৰ্ম্মনাৰায়ণ আছিল। লণ্ডাদেৱ আৰু চন্দীবৰ বুদ্ধিমান পণ্ডিত আৰু পৰাক্ৰমী থকাত ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠে। চন্দীবৰ ৰজাৰ দেৱান হয। গৌড় ৰাজ্যত এওঁলোকে সুখ শান্তি, ধন, সম্ভ্ৰম লাভ কৰি অনেক দিন আছিল , কিন্তু অসমৰ সৌভাগ্যৰ নিমিত্তে তেওঁ- লোকৰ বাসস্থান গৌড় নগৰৰপৰা আতৰিল। গৌড় ৰাজ্যৰ লগত কমতা ৰাজ্যৰ সন্ধি থকাত দুয়ো ৰাজ্যৰ ৰজাৰ মিল আছিল। কমতাৰ ৰজা দুৰ্ল্লভনাৰায়নে তেওঁৰ ৰাজ্য বহু দুৰলৈ ব্যাপি পৰাত তাক শাসন কৰিবলৈ ঠায়ে ঠায়ে উপযুক্ত মানুহ নথকাত আৰু ৰাজ্যত ধৰ্ম্ম-পৰায়ণ, জ্ঞানী, সমাজ চলোৱা মানুহৰ সংখ্যা নীচেই তাকৰ থকাত সাতজন ব্ৰাহ্মণ আৰু সাতজন কাযস্থ কমতাৰ ৰাজ্যলৈ পঠাবলৈ গৌড়ৰ ৰজাক অনুৰোধ কৰে। ধৰ্ম্মনাৰায়ণে মিত্ৰৰ অনুৰোধ মতে সাত ঘৰ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ কমতা ৰাজ্যলৈ পঠায়। এই কায়স্থ সাত ঘৰৰ ভিতৰত লণ্ডাদেৱ আৰু চন্দীবৰো এঘৰ আছিল। এওঁলোকে কামৰূপ জিলাৰ বৰ-নদীৰ ওচৰত থকা লেঙ্গামা-গুড়ি নামে গাঁৱত বাস স্থাপন কৰে। তেওঁলোকৰ কুল-পুৰোহিত কৃষ্ণ পণ্ডিতো এই ঠাইতে থাকে। চণ্ডীবৰ ইমান কাৰ্যক্ষম আছিল যে কমতেশ্বৰে দেৱান আৰু মন্ত্ৰণা কাৰ্য্যত মাজে-সময়ে তেওঁৰ সহায় লৈছিল। চণ্ডীবৰে বাৰভূঞাঁৰ শিৰোমণি ভূঞাঁ হৈ শাসনকাৰ্য অতি সুন্দৰৰূপে চলাইছিল আৰু সেই অঞ্চলত ভোট আদি পৰ্ব্বতীয়া জাতিবিলাকৰ উপদ্ৰৱ বহু পৰিমাণে দমন কৰি শান্তি স্থাপন কৰিব পাৰিছিল। দুৰ্ল্লভনাৰায়ণে এবাৰ চণ্ডীবৰক ধৰাই নিয়াই ৰাজধানীৰ ৰন্ধীশালত থয়।