পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

মহেশ্বৰে দেখা দি তেওঁৰ হাতত ধৰি গৰখীয়া লৰাবোৰৰ মাজলৈ তেওঁক লৈ গৈ সিহঁতক কলে যে “মইহে লণ্ডাৰৰ পিতৃ। তোমালোকে আজিৰ পৰা এওঁক আৰু উপহাস নকৰিবা, কৰিলে তোমালোকৰ বেয়া হব।” এই কথা গৰখীয়া লৰা'বোৰে ভূয়াঁসকলৰ আগত কলত, তেওঁলোকে সেই দিনাৰপৰা লণ্ডাবৰক লণ্ডাদেৱ নাম দিলে।

 লণ্ডাদেৱ চণ্ডীৰ ভক্ত আছিল। তেওঁ চণ্ডীক আৰাধনা কৰি পুত্ৰ লাভ কৰি, সেই পুত্ৰৰ নাম চণ্ডীবৰ ৰাখিলে। (১)

 দুৰ্ল্লভ নাৰায়ণ নামে কমতাপুৰৰ ৰজা এজনেৰে সৈতে ধৰ্মনাৰায়ণ নামে গৌৰৰ ৰজা এজনৰ ৰণ লাগে। উভয়ে বল বীৰ্য্যত সমকক্ষ হোৱাত কোনোৱে কাকো বলে নোৱাৰি শেহত মিত্ৰতা কৰে। তাৰ পিছত কমতা- পুৰৰ ৰজাই গৌৰৰ ৰজাক কলে “মোৰ দেশত উচ্চজাতীয় লোক নাই। মোক কেইজনমান উত্তম ব্ৰাহ্মণ আৰু কায়স্থ লোক দিলে ভাল হয়।” গৌৰেশ্বৰে সেই কথাত সন্মত প্ৰকাশ কৰি কনৌজৰপৰা অহা কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ ব্ৰাহ্মণ আৰু চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায়স্থ কমতেশ্বৰক দিলে। ব্ৰাহ্মণ কেইজনৰ নাম,-কৃষ্ণপণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম, মথুৰা। কায়স্থ কেইজনৰ নাম-চণ্ডীবৰ, শ্ৰীধৰ, হৰি শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ, সদানন্দ। কমতেশ্বৰে এই চৌধ ঘৰ ব্ৰাক্ষণ কায়স্থ অনাই, প্ৰথমতে তেওঁলোকক লেঙামাগুৰি নামে ঠাইত থাকিবলৈ দিছিল। চণ্ডীবৰ তাতে কিছু দিন থাকি পলাই গলত, গোৰেশ্বৰে জানিব পাৰি তেওঁক ধৰাই বন্দী কৰি আকৌ কমতেশ্বৰৰ ওচৰলৈ পঠিয়াই দিলে; আৰু কমতেশৰে চণ্ডীবৰক সেই দোষত পোতাশালত বন্দী কৰি থৈ দিলে।


(১)

“লণ্ডাদেৱ নামে একজন আছিলন্ত। চণ্ডীবৰ নামে তান তনয় ভৈলন্ত।
চণ্ডীবৰে ৰাজসেৱা বিস্তৰ কৰিল। দুৰ্ল্লভ নাৰায়ণে দেবীদাস নাম দিল॥
দেবীদাসে বসাইলন্ত টেম্বুৱানি বন্ধে। বৰদোৱা নাম গ্ৰাম পৰম প্ৰবন্ধে॥
কৰা সেৱা দুৰ্ল্লভ নাৰায়ণ নৃপতিৰ। দাতা ভোক্তা জ্ঞাতা বীৰ গহীন গম্ভীৰ॥
হেনয় পণ্ডিত দেবীদাস আছিলন্ত। ৰাজধৰ নাম তান তনয় ভৈলন্ত॥
দানী মানী গুণৱত শান্ত শুভনয়। ভৈল তিনি জন জানা তাহান তনয়॥
সুৰ্য্যাৰৰ জয়ন্ত মাধৱদলৈ নাম। তিনিয়ো পণ্ডিত গুণৱন্ত অনুপান॥
সূৰ্য্যৰৰ পুত্ৰ ভৈল কুসুম নামত। সেহি বেলা কুসুমৰ পুত্ৰ উপাজিল॥
শঙ্কৰৰ বৰত পুত্ৰ লভিলন্ত। এতেকে শঙ্কৰৰ নামক থৈলন্ত॥”

-দৈত্যাৰি।