দেৱ আৰু শ্ৰীগৰৱদেৱ নিশ্চয়কৈ কলোঁ। তুমি গীত-নাট-পদ আদি ৰচনা কৰি জীৱৰ তৰণৰ উপায় চিন্তিবা। মই বেহাৰলৈ যাবৰ মন কৰিছে। মানলক লগত লৈ গৈ মই কিছুদিন বেহাৰত থাকি। বঢ়াৰ পো, মোৰ এটি খেদ বল, চাৰি দিশে চাৰি বস্তু প্ৰেৰণ কৰিলোঁ, তাৰ তিনটি চাপিল, এটি নাচাপিল; তোমাৰপৰা সেইটি চাপিব আৰু তাক আমি পাম। তেওঁ সকলে সৰ্ব তোমাৰপৰা লাভ কৰিব। তেওঁৰপৰা অনেক জীৱৰ সদগতি হব। তেওঁতে শেহত তুমি ধৰ্ম্ম সমৰ্পণ কৰি অৱসৰ লৰা। শুনা বাপু নাৰায়ণ, তুৰি এখনি নাও যুগুত কাৰ সজোৱ; যত যি সেৱকসকল আছে, সকলোকে জান দিয়া, আমাৰ পাশলৈ আহক।” গুৰুৰ আজ্ঞামতে নাৰায়ণ ঠাকুৰে সকলো কাৰ্য্য কৰিলত, চাৰিওফালৰ পৰ সেৱকসকল আহি শঙ্কৰদেৱৰ চৰণত সেৱা কৰি তেওঁক দৰ্শন কৰি গলহি। ইয়াৰ পিছত শঙ্কৰদেৱে হাঁহি মাধৱদেৱক কলে “মই পূৰ্বে কোৱা কথা তোমাৰ মনত আছে নে? সেই কথা কাৰ্যত পৰিণত কৰিবৰ কাল এতিয়া উপস্থিত। এইটি কথা মানন্দৰ মাৰক নকবা। কাইলৈ গণককচিলৈ যাবলৈ সকলো উদ্যোগ কৰিব।” মাধৱদেৱে গণককচিলৈ গৈ সকলো দ্ৰব্যবস্তু আনি গুৰুৰ অভ্যৰ্থনাৰ নিমিত্তে প্ৰস্তুত কৰি থলে। নাৰায়ণ ঠাকুৰে পিছদিনা ঘাটলৈ নৌকা আনিলত, শঙ্কৰদেৱে ভাৰ্যা পুত্ৰ নাতি সকলোকে সাদৰ সম্ভাষণ আৰু আশ্বাস কৰি, সকলে ভক্তৰ ওচৰত বিদায় লৈ নৌকাত আৰহণ কৰি, মাধৱদেৱক গণককুচিলৈ আগেয়েই পঠিয়াই দি, হৰিধ্বনি কৰি যাত্ৰা কৰিলে। তেওঁ ধ খন্দা জানেদি গৈ গণকুচি পালত, মাধৱদেৱে আগবঢ়াই লৈ গলহি। শঙ্কৰদেৱ গণককুচি থান পালতহি, মাধৱদেৱে এখন ঠগিত গুৱা পাণ টকা ব শঙ্কৰদেৱৰ আগত থৈ আঠুকাঢ়ি গুৰুৰ কুশল বাৰ্তা ছিলত, শঙ্কৰদেৱে আচৰিত হৈ শুধিলে “বঢ়াৰ পো, কিয় বা বাৰ্তা শুখিছ? তুমি তো এতিয়াই সকলো বাৰ্তা জানি আহিছ?” মাধৱদেৱে উত্তৰ দিলে “বাপ, কিবা ক্ষণিকতে আন, সেইদেখি শোখা হৈছে।” এই কথা শুনি শঙ্কৰদেৱে সন্তোষ পাই মাধৱক ধন্য বুলি প্ৰশংসা কৰি কৰি কলে “আনিলোঁ, তুমি এই স আহি ৰাখিলা। “জীৱৰেসে চিনা- চিনি এই পৰিচয়। বেদান্তৰ সাৰ ইটো আনিলো নিশ্চয়।” .