পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫০ শীৱে আৰু মাধৱদেৱ এবেলি তেওঁৰ কথাটি শুনে? চালয়ে নেৰানেপেৰাকৈ লগা দেখি ব্ৰাহ্মণ কেইজনে অত্যন্ত তুচ্ছভাৱে তেওঁক কলে, “বাৰু কি শুধিব খুজিছ শোেধ।” চালসায়ে বিনয় কৰি কলে “মোৰ তিনটা প্ৰম হৈছে—প্ৰথমতে, কৰপৰা বেদ হল? দ্বিতীয়তে, কৰপৰা ব্ৰহ্ম হল? তৃতীয়তে জগৎপাৱনী গঙ্গা কৰপৰা হল? এই তিনটি কথা জানিব জিছে, কৃপা কৰি মোক কওক? পণ্ডিতসকলে উত্তৰ দিলে “শুন যৱন, তেন্তে কওঁ,বেদ বিষ্ণুৰ মুখৰপৰা ওলাল। ব্ৰহ্মাৰ জনম বিষ্ণুৰ নাতি-কমলৰপৰা; আৰু বিষ্ণু- পদৰপৰা গঙ্গাৰ উৎপত্তি হল।” চান্দসায়ে আকৌ শুধিলে “এই তিনি ঠাইত বাজে ঈশ্বৰৰ আৰু আন অঙ্গ প্ৰত্যঙ্গ আছে নে নাই? যদি ঈশ্বৰৰ এই তিনি অজৰপৰা এই তিনি বস্তু বাজ হল, তেন্তে ঈশ্বৰ কেনেকৈ নিৰাকাৰ হল?” চালসায়ে এইদৰে তেওঁলোকক ঠেকত পেলালত তেওঁ- লোকে মাতিব নোৱাৰা হৈ লাজ পাই সেমেনাসেমেনি কৰি লাহে লাহে তাৰপৰ উঠি গুচি গল। এদিন শৰদেৱে একাদশীত উপবাস কৰি গোটেই দিন থকাত তেওঁৰ মুখ শুকাই থকা দেখি পত্নীয়ে বললাম আলধক পঠিয়াই দিলে স্বামী কবলৈ, যেন ৰাতি তেখেতে অলপ আহাৰ কৰে। শঙ্কৰদেৱে এইকথা শুনি অলপ খংকৈ বলোৰামক দুৰ হ বুলি কলত, বলোৰাম ঘৰৰ বীজত পানীপোতাতে ৰাতি জাৰত কঁপি কঁপি আছিল। ৰাতি শঙ্কৰদেৱে অপু দেখি উঠি, বলোৰামক সেই দৰে ৰাজত কঁপি বহি থকা দেখি, ধন্য মোৰ ভক্ত লি প্ৰশংসা কৰি সাদৰ কৰি ঘৰৰ ভিতৰলৈ পঠিয়াই দিলে। শৰদেৱৰ বাক্যত মাধৱদেৱে শাস্ত্ৰ কৰিবলৈ মন কৰি এদিন ৰাজসয়” গ্ৰন্থখন লেখিবৰ নিমিত্তে পাত মহী আদি যুগুত কৰি বহিছে, এনেতে শঙ্কৰদেৱৰ খুৰাকৰ পুতেক ৰতিকান্তই দেখি উপহাস কৰি কলে “দদায়ো শাৰ কৰে, তুমিও কৰিবা। লোকে এইটো কথা শুনিলে কি বুলিব।” এনেকৈ কোৱা শুনি মাধৱদেৱে শান্ত নেলেখি সামৰি থলে। শঙ্কৰদেৱে এ কথা পিছত শুনি মনত বিষাদ পালে। এদিন সকলো সেৱকেৰে সৈতে শঙ্কৰ মাধৱ দুইজন বহি থাকোতে শঙ্কৰদেৱে মাধৱক সম্বোধন কৰি কলে “বঢ়াৰ পো, তোমাৰ আমাৰ ভিতৰত একো ভিনৃপৰ নাই। এই কথা নাজানি লতিকলে আন প্ৰকাৰ কপনা কৰে। আজিৰপৰা যত শান্ত কৰিব লাগিৰ সকলোকে তুমিহে বচনা কৰি, এই কথা?