পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চতুৰ্দশ অধ্যায়

পাটবাউসী

 জনিয়াত ঠাকুৰ আতা থাকে। তেওঁ দিনৌ তাৰপৰা আহি মাধৱদেৱৰ লগত শঙ্কৰদেৱৰ ওচৰলৈ আহি গুৰু সেৱা আদি কাৰ্য্য কৰি, ৰাতি মাধৱ- দেৱক নিজৰ ঘৰতে থৈ জনিয়ালৈ যায়। এদিন একাদশীৰ দিনা পুৱাই মাধৱে স্নান কৰি নাম প্ৰসঙ্গ কৰি আঁতাই ঈশ্বৰক সমৰ্পণ কৰি দিয়া নৈবেদ্য প্ৰসাদ অলপ খাই, তাৰ পিছত শঙ্কৰদেৱৰ ওচৰলৈ আহিল। শঙ্কৰদেৱে মাধৱৰ মুখ অলপ টুপ টুপীয়া দেখি তেওঁক শুধিলে “আজি তুমি একাদশীতে কিবা ভোজন কৰিলা নে কি?” মাধৱদেৱে কি ভোজন কৰিছিল কলত শঙ্কৰদেৱে বিৰক্তি প্ৰকাশ কৰি তেওঁক কলে “তুমি একাদশীৰ দিনা কিয় অন্ন ভুঞ্জিলা?” এইকথা শুনি মাধৱদেৱে সবিনয়ে গুৰুৰ আগত নিবেদন কৰিলে “বাপ হয়, একাদশীৰ দিনা একো ভোজন কৰা উচিত নহয়; কিন্তু তথাপি কওঁ যে কলিৰ লোকৰ অল্প শক্তি, কিছু ভোজন নকৰিলে অলপতে শৰীৰ বিকল হয়। গতিকে ঈশ্বৰৰ নাম প্ৰসঙ্গ কৰিবলৈ ভক্ত হীনবল হয়। সকলো ধৰ্ম্মৰ শিৰোমণি নাম-ধৰ্ম্ম, ব্ৰত উপবাসৰ পৰা নামৰ বিঘিনি হয়।” মাধৱদেৱেৰ এই যুক্তি সাৰগৰ্ভ দেখি শঙ্কৰদেৱে আৰু একো নকলে।

 এদিন শঙ্কৰদেৱে নাৱত উঠি যাওঁতে চণ্ডাল এটাই কৃষ্ণ নাম উচ্চাৰণ কৰা শুনি চণ্ডলটোক তেওঁ ধন্য ধন্য বুলি প্ৰশংসা কৰিবলৈ ধৰিলে। শঙ্কৰদেৱে কলে যে দ্বাদশগুণীয়া ব্ৰাহ্মণ এই চণ্ডালৰ সমান নহয়, তেওঁতকৈও ই উত্তম। আৰু কিছুমান বাট যাওঁতে শঙ্কৰদেৱে শুনিলে, এটা গৰখীয়াই গৰু চৰাওঁতে কৃষ্ণ কৃষ্ণ উচ্চাৰণ কৰিলে। তাৰ মুখত কৃষ্ণনাম শুনা মাত্ৰকে তেওঁ নাও ৰখালে, আৰু প্ৰেমত তেওঁৰ চকুৱেদি লোতক ব’বলৈ ধৰিলে। তেওঁ “কিনো বিচক্ষণ এই লৰাটো” এই বুলি তাক প্ৰশংসি আনন্দ