ত্ৰয়োদশ অধ্যায়
কুমাৰকুচি আৰু পাটবাউসী
চূণপোৰাত থাকি শঙ্কৰদেৱে ধৰ্ম্মপ্ৰচাৰ কৰি থাকোতে চাৰিউফালৰপৰা অনেক লোক আহি তেওঁৰ প্ৰচাৰিত ধৰ্মত দীক্ষিত হবলৈ ধৰিলে। জয়ন্তি- য়াৰ মধাই নামে নিপুণ লোক এজনে ইয়াতে শঙ্কৰদেৱৰ ওচৰত ধৰ্ম্মক ধৰে। শঙ্কৰদেৱে মধাইক নীতি সদাচৰ শিকাই শৰণ দিলে। বুঢ়াগোপাল নামে সজ লোক এজনেও ইয়াতে শঙ্কৰদেৱৰ ওচৰত শৰণ লয়। মন্দিয়া নামেৰে ঠাইত নাৰায়ণ ঠাকুৰে ঘৰ কৰি আছিল; প্ৰতিদিন তেওঁ মন্দিয়াৰ- পৰা মাধৱদেৱৰ ওচৰলৈ আহি আৰু তাৰপৰা দুয়ো একেলগে শঙ্কৰদেৱৰ পাশলৈ আহি গুৰুক সেৱা ভক্তি কৰি থাকে।
এইদৰে কিছুমান দিন চূণপোৰাত থকাৰ পিছত দেখা গল, যে তাত নৈৰ ঘাটত অনেক নাৱৰীয়া মানুহে নাও বান্ধি ঠাই অপৰিস্কাৰ আৰু অশুচি কৰে। এদিন গুৰুপত্নীয়ে গুৰুজনক এই কথা জনালত, গুৰুজনে মাধৱ- দেৱৰে সৈতে পৰামৰ্শ কৰি চুণপোৰা পৰিত্যাগ কৰিবলৈ স্থিৰ কৰিলে। এই কথা শুনি জন্তিয়াৰ মধাই আতৈয়ে শঙ্কৰদেৱক কলে, যে কুমাৰকুচি নামে ওখ ভাল ঠাই এড়োখৰ আছে, তালৈকে গলে ভাল। কুমাৰকুচি- লৈকে যাবলৈ থিৰ কৰি পিছদিনা শঙ্কৰদেৱে ভকতসকলেৰে গৈ কটকতলী নামে বিল এখন পাই, তাৰ পাৰৰ গছ এজোপাৰ তলত বিশ্ৰাম কৰি গৈ কুমাৰকুচিত বহা ঘৰ, ভকতৰ হাটী, নামঘৰ আদি সজাবলৈ আজ্ঞা কৰি ঘৰলৈ উভতি আহিল আৰু নাৰায়ণ ঠাকুৰে সেই আজ্ঞামতে মানুহ লৈ গৈ সকলো যুগুত কৰি গুৰুপত্নীৰে সৈতে শঙ্কৰদেৱক আৰু ভকতসকলক তালৈ তুলি নিলে।
কুমাৰকুচিত কিছুদিন শঙ্কৰদেৱে ধৰ্মপ্ৰচাৰ কৰি থকাৰ পিছত দেখা গল, ৰে তাৰ বিলত গঞা মানুহে সততে মাছ মাৰিবলৈ আহি বিলৰ পানী