পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কৰি কলে “সখি, আপুনি নিয়ক; আপোনাৰ মাতৃ মোৰৰ মাতৃ, সেইদেখি মাতৃশ্ৰাদ্ধৰ নিমিত্তে মোৰ ভাগো মই দিছোঁ।” এই কথা শুনি মাধৱদেৱে টকা গ্ৰহণ কৰি গৃহলৈ প্ৰত্যাগমন কৰিলে। মাকলীৰ পুতেক ৰাম নামে আলধৰা এজনকো মাধৱদেৱৰ সঙ্গত থাকি বন-বাৰি কৰিবলৈ ঠাকুৰ আতাই লগত দিলে। শ্ৰাদ্ধৰ দিনা শঙ্কৰদেৱকে আদি কৰি সকলো উপস্থিত থাকি মহা সমাৰেহেৰে শ্ৰাদ্ধ সম্পাদন কৰিলে। ব্ৰাহ্মণসকলে ভূৰি ভোজন আৰু দক্ষিণা পালে।