পৃষ্ঠা:Kirtan Ghosha.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৭১
প্ৰহ্লাদ চৰিত্ৰ

তৃতীয় কীৰ্ত্তন

ঘোষা॥ ৰাম কৃষ্ণ কহ নিতে।
ভাই ধৰি হৰি-পদ চিত্তে॥ ৩
পদ॥ দেখিয়া পাছে হেন চাৰি সিদ্ধ।
দেখন্তে শিশু বয়সত বৃদ্ধ॥
কৃষ্ণ-দৰশন-আশা-ভঙ্গে।
কোপে চক্ষু পকাই মাতন্ত খঙ্গে॥ ২৪
বৈষ্ণৱ বোলা তোৰা দুয়োজন।
বৈকুণ্ঠ-বাসীৰ নুহি লক্ষণ॥
প্ৰশান্ত পুৰুষ আনন্দময়।
তাহান্তো তোমৰা কৰা সংশয়॥ ২৫
পাৰিষদ বোলাই কৰস চটি।
জানিলো তোমৰা দুয়ো কপটী॥
বৈকুণ্ঠৰো আনা দুৰ্ষশ বড়।
ঐৰপৰা তোৰা দুহান্তো পড়॥ ২৬
অসুৰ-যোনিত উপজ মৰি।
হেন শুনি জয় বিজয়ে ডৰি॥
চৰণত ধৰি পড়ি ভূমিত।
কাতৰ কৰে হুয়া ভয়-ভীত॥ ২৭


পা ২৬॥ জানিলো তোমৰা- নুহিকা বৈষ্ণৱ