পৃষ্ঠা:Kirtan Ghosha.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা


যেন কুন্দ-কড়ি দন্ত-পান্তি।
কেয়ূৰ কঙ্কণে কৰে কান্তি॥ ২০

দুইৰো চতুৰ্ভুজ আতি জ্বলে।
বনমালা শোভে বক্ষঃস্থলে॥
সেৱে তাক ভ্ৰমৰে গুঞ্জৰি।
দুয়ো দিব্য গদা আছে ধৰি॥ ২১

দেখে পাছে হেন দুয়ো দ্বাৰী।
বিবস্ত্ৰে আসন্ত সিদ্ধ চাৰি॥
নুসুধি পশস্ত অভ্যন্তৰ।
কোপে দুয়ো কম্পাৱে অধৰ॥ ২২

মুখ কৰি ভ্ৰুকুটি-কুটিল।
বেতে ঠেলি চাৰিকো খেদিল॥
কৃষ্ণৰ কিঙ্কৰ এহু ভণে।
হৰি হৰি বোলা সৰ্ব্বজনে॥ ২৩


পা° ২২॥ পশন্ত-পৈশন্ত, পেশন্ত