পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যােবা ৪৭২] আত্ম-উপদেশ মহিমামু উপদেশ ৰামকৃষ্ণ নাম যাৰ মুখত থাকয়। তাহাৰসে জানিবা মিলিল মহােদয় । ৪৬৫ বাম-কৃষ্ণ-কীৰ্ত্তন স্বভাৱ ভৈলা বাৰ। সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ । ৪৬৬ ৰাম-কৃষ্ণ-নামক সততে যিটো গাৱে । তাক হৰি ৰাখিয়া ফুৰন্তু সর্বভাৱে ৪৬৭ ৰাম-কৃষ্ণ-নাম যিটো সততে সুমৰে । হৰিৰ পৰম প্রিয় ভৈলা সিটো নৰে ॥ ৪৬৮ আত্ম-উপদেশ হৰি-নাম এৰি মন কি কাম কৰস। মায়া-মােহ-জান্সে পৰি মিছাতে মৰস ॥ ৪৬৯ হৰি-নাম ধৰ মন হৰি-নাম ধৰ। আশা নামে নদী মাজে মিছাত নমৰ ॥ ৪৭০ ৰাম-নাম লৈয়াে মন ৰাম-নাম লৈয়াে। মিছা আশা লাজ-কাজ পাশ কৰি থৈয়াে ॥ '৪৭১ ৰাম কৃষ্ণ বােল মন ৰাম কৃষ্ণ বােল। অসাৰ সংসাৰ-শখে তাৰ আশা ভােল ৪৭২ পা ৪৪। মিলিল আহাদয়-তৈ ভাগ্যোয়। ৪৭। হৰি-নাৰ থৰ মন আলাস নকল। ৪২। আৰ। ভােলা।