পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মায . [ ঘােষ ৪৫৪ সদায়ে ভাবিতে ৰাম যাৰ ৰস বাঢ়ে। ৰামকৃষ্ণ-নামে আৰাে তাহাকো নছাড়ে। ৪৫৪ হৰি-সেৱা বিনে আৰ সকলে অসাৰ। এহিমানে মাত্র সর্ব শাস্ত্ৰৰ বিচাৰ । ৪৫৫ নামৰ ভণ্ডাৰ মুখে ভৈল কত ভাগে। আনন্দে ভাবিয়াে ৰাম যাক যত লাগে। ৪৫৬ মনে মুখে এক কৰি সদা বােলা ৰাম । লভিবা পৰমানন্দ দূৰ হৈবে কাম ॥ ৪৫৭ ৰাম-কৃষ্ণ-নাম যাৰ মুখে ভৈল গীত। নামৰ প্ৰসাদে সিটো ভৈল কৃতকৃত্য। ৪৫৮ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বােল ভাই ঋন্টে। নচলিবা তেৱেসে দুৰ্ঘোৰ যম-বাটে। ৪৫৯ ৰাম-কৃষ্ণ-নাম-ৰসে চিত্তক ভিজাৱ । বােল ৰাম কৃষ্ণ হৰি তেজি আন ভার। ৪৬০ ৰাম-কৃষ্ণ-নামেসে স্বধৰ্ম্ম ভৈল যাৰ। যম-কাল-মায়াৰ গুচিল অধিকাৰ। ৪৬১ ৰাম-কৃষ্ণ-নাম যাৰ থাকয় মুখত। যম যম-দূতক নেদেখে সােপনত। ৪৬২ বাম-কৃষ্ণ-নাম সদা লৱে যিটো নৰে । যম ৰাজা তাহাৰ লিখন দূৰ কৰে ॥ ৪৬৩ বাম-কৃষ্ণ নাম সদা ফুৰে যিটো গাই । তাহাৰেসে সমন্তে বিঘিনি ভৈল ছাই ॥ ৪৬৪