পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৬৮১
ভৃগু-পৰীক্ষা


মহাৰাজা নৃগ মহা কঙ্কলা-স্বৰূপে।
অধত আছিলা পৰি ঘোৰ অন্ধকূপে॥
তুলিবাক নোৱাৰিলা অনেক যাদৱে।
বাম হাতে অপ্ৰয়াসে তুলিলা মাধৱে॥ ১৯
তযু পৰশনে নৃগ শাপক নিস্তৰি।
তোমাক নমিয়া আসি দগুৱতে পৰি॥
অক্ষয় স্বৰ্গক পাছে পাইলা মহাশয়।
সমস্ত যাদৱগণ ভৈলন্ত বিস্ময়॥ ১২
ভণিল শঙ্কৰে শুনিয়োক সৰ্ব্বজনে।
কৰিয়ো কৃষ্ণৰ নাম-কীৰ্ত্তনে যতনে॥
নাহিকে বান্ধৱ হৰি নামত বিনাই।
মৰিলেও পাইবা ৰাম-নামক সহায়॥ ১৩
হেন জানি হৰি-নাম লৈয়ো সৰ্ব্বজনে।
কলি-যুগে নাহি গতি কীৰ্ত্তনত বিনে॥
চাৰিও বেদৰ সাৰ নাম হেন জানি।
লাজ এড়ি বোলা সৱে ৰাম ৰাম বাণী॥ ১৪

 

ভৃগু-পৰীক্ষা সমাপ্ত॥৪॥