পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৮
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


তোমাৰ চৰণে কায় বাক্য মনে
 পশিলো মই শৰণ।
তুমিও আৱেসে  মোক তেজি যোৱা
 কাহাত জুড়াইবো মন॥
হেৰা আসো বুলি বৎসৰেক অন্তে
 আসিলা মোৰ নগৰী।
টাটকীয়া যেন টাটক দেখায়া
 কেনে যাহা পৰিহৰি॥ ১০১
নিস্ফল জীৱন যিটো নাৰীগণ
  স্বামীৰ নাহি মিলন।
সমস্তে কহয় ৰমণীৰ গতি
 স্বামীৰ পদ-অৰ্চ্চন॥
নেড়িবো ইবাৰ চৰণ তোমাৰ
 থাকা প্ৰভু এহি স্থান।
যদি মোক ত্যজি যাহা প্ৰভু আজি
 ত্য়জিবো এথাতে প্ৰাণ॥ ১০২
এড়ি গৈলে মোক  হাসিবেক লোকে
 ঘুনুচাক দুষ্টা জানি।
গৃহক আসিয়া গৈলেক এড়িয়া
 কি কাৰণে চক্ৰপাণি॥


পা ১০২॥ স্বামীৰ....অৰ্চ্চন॥ - স্বামীত দুৰ্ভগা হয়।
 ইহ পৰলোকে নোহে তান গতি
 সমস্তে লোকে কহয়॥