পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ পৰিশিষ্ট ১]
ঘুনুচা-কীৰ্ত্তন
প্ৰথম কীৰ্ত্তন

ঘোষা॥ চলি যায় প্ৰভু জগন্নাথ ঘুনুচা-যাত্ৰা কৰি
 সমস্ত জগতে বেড়ি বেড়ি চাৱে

ৰথৰ উপৰে হৰি॥



পদ॥নমো দেৱ হৰি চিত্ত স্থিৰ কৰি
 কায় বাক্যে সমুদায়।
 যাৰ পাদ দুই  চিন্তি সুখী হুই
 সংসাৰ-বন্ধ এড়ায়॥
 হেন কৃষ্ণ-পাৱে  অৱনতভাৱে
 প্ৰণামোহো বাৰ শত।
 কৃষ্ণৰ বিজয়  যাত্ৰা মহোৎসৱ
 বিৰচিবো প্ৰথমত॥ ১
 আষাঢ় মাসৰ  শুক্লা তৃতীয়াত
 শুভ ক্ষণ বেলা পাই।
 দৌল ছাড়ি হৰি  ঘুনুচাৰ বাড়ী
 চলি যান্ত যদুৰায়॥
 দুই দণ্ড নিশা  আছন্তে যাদৱ
 বাজ ভৈল দৌল ছাড়ি।
 দশোদিশ ছানি  সৰ্ব্ব লোকে জানি
 দিল নিসানত বাড়ি॥ ২

৪০