পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. { খ ২৩ শয়নে ভােজনে মানে তােমাৰ ৰহস্য-স্থানে সদা সেৱা কৰি থাকো আমি। তুমি জীৱ তুমি প্রাণ তুমি বিনা নাহি আন কিমতে বৰ্ত্তিবাে আরে স্বামী। অৱশেষ উপহাৰ ছাড় বস্ত্র-অলঙ্কা তােমাৰেসে পিন্ধো সদায়। তােমাৰ উচ্ছিষ্ট খায়া তৰিবাে দুস্তৰ মায়া হেনসে আছিল অভিপ্রায়। ২৮ যােগীগণে শ্ৰম কৰি প্রবন্ধে সমাধি ধৰি সৰে কৰ্ম্ম-বন্ধ কৰি ক্ষীণ। তেজিয়া সংসাৰ-নয় দেখে সার ব্রহ্মময় তেবেসে তােমাত যায় লীন। আমি যত গৃহবাসী কৰ্ম্ম-পথে ভ্রমাে আসি ভজিলেহে চৰণ তােমাৰ। তােক হিয়াত স্মৰি তােমাৰ কীৰ্তন কৰি তােমাৰ কথায়ে হইবাে পাৰ। ২৯ চৰণ-ত্রক ইটো উপাসিয়া থাকে যিটো সিটো এড়াই সংসাৰৰ তাপ। কেন পাদপদ্ম এড়ি ক্ষেশেকো নিজবাে হৰি নিয়াে লগে জগতৰ বাপ