পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যাযা বাম হৰি ৰাম হৰি কাম হৰি ৰাম। নমম বাম হৃষীকেশ হৃষীকেশ হৰি। ৩ পাছে বলি-সুত বাণ । দিলা হেন সমিধান। মােৰ যত ৰাজ্য-ভাৰ। তােমাৰেসে অধিকাৰ ॥২৮ এহি বুলি দৈত্য-পতি। অসংখ্যাত হয়-হস্তী । দিলে দৈত্য-সেনা ৰথ। পূৰি তাৰ মনােৰথ। ২৯ সিটো সেনা লৈয়া সঙ্গে। মাগধ চলিলা ৰঙ্গে। ৰথ ধ্বজ গজ বাজী। পৰম প্রান্তে সাজি । ৩০ লগে লৈয়া সেনা-ঝাক। বেঢ়িলে মথুৰাক। ধৰ মাৰ কৰৈ ৰােল। বাৰে বীৰ-ঢাক ঢােল:||:৩১