পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৩৫৩
জৰাসন্ধৰ যুদ্ধ


মথুৰাবাসীৰ ভয়।
দেখি কৃষ্ণ কৃপাময়॥
বীৰগণ কৰি সাজ।
নগৰৰ ভৈলা বাঝ॥৩২
বলভদ্ৰ ক্ৰোধি ৰাগি।
ধাইলা মাগধক লাগি॥
কৰিলা দুৰ্ঘোৰ ৰণ।
সংহৰিলা বৈৰগণ॥ ৩৩
যত আইল বাজা-ঝাক।
একলে গোপালে তাক॥
মাৰিলা সমৰ মাঝে।
হত ভৈল সামৰাজে॥ ৩৪
বলভদ্ৰে-জৰাসন্ধে।
যুঝিলস্তু মাল-বন্ধে॥
প্ৰহাৰে অনেকভাৱে।
ছান্দি ধৰি পাৱে পাৱে॥ ৩৫
পাছে বলো সন্ধুকিয়া।
মাগধক আস্ফালিয়া॥


  পা ৩৫॥ যুঝিলন্ত মাল-বন্ধে॥ যুঝে মহা চণ্ড বন্ধে॥

 বুঝিলন্ত চান্দ বন্ধে।

২৩