পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা ভৈলন্ত ব্যায়োহ মন মদনে দহয়। পাৰ্বতীক লাগি এড়িলন্ত লাজ ভয়॥ ৪০ বহ্নিৰ সংযোগে যেন উথলিল ঘৃত। দুঃসহ মদন শৰে চিত্ত জৰ্জৰিত। একো নেদেখন্ত কামাতুৰ লৈ বৰ। কন্যাক ধৰিবে লাগি দিলেক লৱৰ। ৪১ খটমট কৰি বাজে গলে মুণ্ডমাল। কঙ্কালৰ সুলকি পৰিল বাঘ-ছাল। ভৈলন্ত উলঙ্গ তাকো নচা চাপৰি। দেখি পলাইক লৈলা কন্যায়ো লৱড়ি॥ ৪২ হাসি লাজে আঁৰ হোন্ত ইগাছে সিগাছে। ভোল হয়া শঙ্কৰৰ খেদন্ত পাছে পাছে। হস্তিনীক যেন মত্ত হস্তী যায় খেদি। পলান্ত সুন্দৰী শঙ্কৰক লাগ নেদি। ৪৩ প্ৰাণ যায় শঙ্কৰৰ কাম-উতপাতে। মহাবেগে খোপাত ধৰিলা বাম হাতে। ৰহ প্ৰাণেশ্বৰী বুলি কৰি আলিঙ্গন। মহাকাম-ভোলে দিলা মুখত চুম্বন। ৪৪ পা ৪২। সুলকি—সকি।