পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬
১৫৫
হৰ-মোহন


আৰি-মুৰি কৰি কন্যা নথাকে থমকি।
বাহুৰ মাজৰপৰা পড়িল হুসকি॥
দুনাই লৱড় দিল বিমুকুত-কেশে॥
পাছত খেদন্ত হৰে উলঙ্গত বেশে॥ ৪৫
পাকত আন্তৰি যান্ত শৰীৰ দেখাই।
কতো আঁৰ হোন্ত কন্যা হাসি মুচুকাই॥
খণো ঘন-তন-ভাৰ ছলে দেখাই যান্ত।
ৰহ প্ৰাণেশ্বৰী বুলি শঙ্কৰে চেঞ্চান্ত॥ ৪৫
নাহি শ্ৰুতি-বুদ্ধি যেন বাতুল-লক্ষণ।
নাৰীময় দেখন্ত সমস্ত বৃক্ষগণ॥
দাৰুণ মদন-বাণে কৰে লটিঘটি।
কন্যা বুলি ধৰিলন্ত বৃক্ষক সাবটি॥ ৪৭

ষষ্ঠ কীৰ্ত্তন

ঘোষা॥ ইবাৰ কৰুণাময় নকৰা নৈৰাশ।
 ছোড়া মায়া কৰা দায়া ভৈলো তযু দাস॥ ৬

পদ॥ ইবাৰ নেৰস প্ৰাণপ্ৰিয়া যাইবি কই।
 চেঞ্চান্ত বিশ্ৰুত কাম-বাণে মূৰ্চ্ছা গই॥


পা* ৪৮॥ কই-কেঁই