পৃষ্ঠা:Kamaratna Tantra.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

82

বাৰ কাঁ‌হৰ পাত্ৰত লিপি আকণ তেল তাতে মিহলাই পাদুকাত লিপিলে খন্তেকন্তে প্ৰহৰৰ পথ যাইতে পাৰে।


৫। শালধুনাক সিহা কৰি সেই তেল ৰাতি লগালে হস্তি সম জলে।


৬। তিতালাওৰ গুটিৰ তেল, পাৰ চৰাইৰ বিষ্ঠা, ময়ূৰ লতাৰ মূল, গৰ্দ্দভৰ অস্থি, সবাকে বাটি তিলক ললে তাক ৰাৱনৰ দশমুখ হেন দেখি।


৭। কৃষ্ণা চতুৰ্দশীৰ ৰাতিত মৈৰাৰ মূৰৰ মুখত কলীয়া মাটি মিসলাই ভৃঙ্গৰাজৰ গুটি থৈ কলীয়া মাটিত পুতি পুজিব। গজি ডাঙ্গৰ হলে তাৰে জৰি কৰি যাৰ গাত দিয়ে তাক মৈৰা হেন দেখি।


৮। সেই তিথিৰ ৰাতিত কলীয়া বিড়ালীৰ মুখত এৰাৰ গুটি থৈ কলীয়া মাটিত ৰব। সি গজি গুটি ধৰিলে তাকে মুখত ধৰিলে বিড়ালী হেন দেখি।


৯। কুকুৰ, শৃগালৰ মুখত এৰাৰ গুটি সেই তিথিত সেই স্বৰূপে ৰুলে তেনয় দেখি। সেই মুখৰ পৰা গুচালে পূৰ্বৱত হয়।


১০। জল, মধু মিহলাই তামোল খুৱালে সদায় ৰাৱ কাঢ়ি থাকে।