পৃষ্ঠা:Kamaratna Tantra.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

76


৯৮। অথ ব্যাধিকৰণ।

 ১। ভোলৰ ৰস, কাচমণিৰ গুটি গুৰি কৰি যাৰ গাত পেলায় তাৰ কষ্ট হয়। চিকিৎসা, চেনি দুগ্ধ খালে গুচে।

 ২। সিজুৰ আঠা দুগ্ধ খাব গাত ঘধিব, বগা কুষ্ঠ কলীয়া হয়। গোৰা- লিনী পৰুৱাক বাটি খালে সেত কুষ্ঠ গুচে।

 ৩। বান্দৰ কেকোঁ‌ৱাৰ ফল তাৰে অঙ্গ বিষ ভোলা, আগিয়াচিতৰ মূল, ৰতিমণি সবাৰ গুৰি কৰি গাত চিটালে কলা হয়, বিশুবা হয়। চিকিৎসা, গন্ধবিৰিণাৰ মূল, জাতি চন্দন, বনমালাৰ গুটি, টগৰৰ মূল জল দি বাটি গাত চকুত লিপিলে গুচে।

 ৪। কৰণীৰ ছাল ঠাল গুৰি কৰি চকুত চিটালে কণা হয়। সৌৰাৰ গুটি, বচু মৰিচ বাটি চকুত দিলে চকুৰে নেদেখে। স্নান কৰি নিয়মপূৰ্ব্বক বাসুদেৱ মন্ত্ৰ এক মাহ জপিব। ঔষধত জপি খাব, মন্দকৰণ নষ্ট হয়।