পৃষ্ঠা:Kamaratna Tantra.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

68


৪। শিৰত দিলেও গুচে। কৰচাৰ মূল শিৰত ললেও গুচে।

৫। কলীয়া কাকজঘাৰ শিপা সুলিয়াঠাৰ শিপা শয্যাৰ তলত পুতি থলে সকল পৰিয়ালৰে নিদ্ৰা ভাগে। ইতি অনিদ্ৰাকৰণ।

৮৭। অথ নিদ্ৰা ভঞ্জন।

১। কোমল ধুতুৰাৰ শুকান মূল বালিকেতেকী ফুলৰ কেশৰ বাটি নাকত দিলে নিদ্ৰা গুচে।

২। নীল উৎপলৰ মূল, মৰিচ, নাগেশ্বৰৰ মূল বাটি চকুত অঞ্জন দিলে নিদ্ৰা গুচে। ইতি নিদ্ৰাভঞ্জন।

৮৮। অথ বন্ধগণ মোচন।

আঘোণৰ পূৰ্ণিমাত ময়ূৰ তাৰ মূলত ক ক নথি মন্ত্ৰ অষ্টোত্তৰণত জপি। চুলিত বান্ধিলে মোচন হয়।

৮৯। অথ যন্ত্ৰ।

হৰিদ্ৰা হৰিতালে ভূৰ্জপত্ৰ লিখি তল মুখ যন্ত্ৰ চুলিত ধৰিব। বন্ধগণ। এৰায়। ইতি বন্ধগণ মোচন।

৯০। অথ নিগম ভঞ্জন।

১। হস্তা নক্ষত্ৰত ৰবিবাৰে পচতিয়াৰ মুল উত্তৰমুখে তুলি গতি পৰশালে নিগম চিণ্ডে।