সমললৈ যাওক

পৃষ্ঠা:Kamaratna Tantra.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

66


২। সাত অক্ষৰী মন্ত্ৰক ৰঙ্গা পুষ্পত অষ্টোত্তৰশত ভপি মালা পিন্ধিব যাবৎ জীয়ে সুখ হয়, অৰ্থ লাভ হয়।


৩। পুষ্যা নক্ষত্ৰত বগা আকণৰ মূলত দুই অক্ষৰীয়া মন্ত্ৰ পঞ্চশত জপি বাহুত বান্ধিলে সৰ্ব্ববিঘ্নি নাশ হয়।


৪। পুষ্যা নক্ষত্ৰত অপৰাজিতাৰ মূলত নৰসিংহ মন্ত্ৰ জপি হস্তত বান্ধিলে চোৰৰ ভয় নাই। ভূত, প্ৰেত আদিও পলায়।


৮৫। অথ যন্ত্ৰ।


 গোৰোচনাৰে ভূৰ্জ্জপত্ৰত যন্ত্ৰ লিখিব। বাহুত ধৰিলে ক্ষয় আদি ৰোগ গুচে। ইতি সৰ্ববিঘ্নি নাশন।


৮৬। অথ অনিদ্ৰা কৰণ।


১। কালকলি মন্ত্ৰ, উগ্ৰচণ্ডা মন্ত্ৰ অষ্টোত্তৰশত জপি গৃহত, বাৰীত সিঞ্চিব। নিদ্ৰা ভাঙ্গে।


২। কালিকা মন্ত্ৰ তাম্বুলত জপি খাব। চোবাৰ গুৰি জাম্প দি বাৰীত পেলালে নিদ্ৰা ভাঙ্গে।


৩। কাউৰমণিৰ শিপা শয্যাৰ তলত পুতি থলে নিদ্ৰা গুচে।