৭৮। অথ জন্ম বালকৰ মাকৰ গ্ৰহভুত নিবাৰণ।
১। পােৱালমণি, নিমপাত, সৰিয়হ ঘিউ সবাকে বাটি ধুপ কৈ তাতে খুত
মন্ত্রক অষ্টোত্তৰশত জপিলে মাত্রকে ছাৱালৰ মাকৰ গ্ৰহভূত, প্রেত, পিশাচ আদি
সৰ্ব্ব বিগ্নি পলায়।
২। কাঠাণ্ডাৰ ছাল গলত আৰিলে বালকে নাকানে।
৩। ধলা অপৰাজিতাৰ পাত নিমৰ পাতৰ ৰস নাকে উজাই দিলে ভূত
প্রেত পলায়।
৪। চিকাৰ মাংস ও বিষ্টা, হালধি, বেলপাত, সেত সৰিয়হ বাটি ধূপ
লগাব, ভূত প্রেত পলায়। ছালৰ কান্দন গুচে।
৫। ঔষধত নৰসিংহ মন্ত্র অষ্টোত্তৰশত সৰিয়হ ত জপি চাটি মাৰিব, ভূত,
প্রেত পলায়।
৭৯। অথ যন্ত্র।
ভূর্জত যন্ত্র লিখি বালকৰ গলত |আৰিব, ভূত, প্রেত পলায়। ইতি
বালকৰ মাকৰ গ্ৰহ ভূত নিবাৰণ।
৮০। অথ বালকৰ পয়ালগা নিবাৰণ।
১। চন্দ্র গ্রহণত বনসঠৰ মূল গলত আৰিলে পয়ালগা গুচে।
২। ৰবিবাৰে পুষ্যা নক্ষত্ৰত বগা আকণৰ মূল ঘৰৰ খুটাত বান্ধি থলে পঁয়া
গুচে। ইতি পয়ালগা নিবাৰণ ।
পৃষ্ঠা:Kamaratna Tantra.djvu/৭৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
