পৃষ্ঠা:Kamaratna Tantra.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

58


৭০। অথ যন্ত্ৰ।

 প্ৰথম যন্ত্ৰক গোৰোচনাৰে ভূৰ্জপত্ৰত লিখি বাহুত বা কঙ্কালত ধৰিব, পুত্ৰ হয়।

৭১। অথ কাকবন্ধ্যাৰ পুত্ৰকৰণ।

 অপৰাজিতাৰ মূল মহিষৰ খিৰেৰে বাট তাৰে চামনি মিহলাই মন্ত্ৰিত চৈ সাতদিন খাই স্বামী সঙ্গত থাকিব, পুত্ৰ হয়।

৭২। অথ যন্ত্ৰ।

 গোৰোচনাৰে ভূৰ্জ্জপত্ৰত যন্ত্ৰ লিখিব। তাতে নাৰীৰ নাম লেখি হন্তত বান্ধি ললে পুত্ৰ হয়। ইতি কাকবন্ধ্যাৰ পুত্ৰকৰণ।

৭৩। অথ মৰকুচিয়াৰ পুত্ৰ ৰক্ষা।

 প্ৰথমে একান্তি দেবীক একান্তি মন্ত্ৰ অষ্টোত্তৰশত জপি পূজা নমস্কাৰ কৰি পূব মুখে ঔষধ খাব। ভেহ গছৰ মূল বাটি এক বৰ্ণীয়। গাইৰ খিৰেৰে পগাই ঘৃত মিহলাই মন্ত্ৰিত কৈ ঋতুকালত খাই স্বামীৰ সঙ্গত শুব। ছাৱাদি শুভ হয়।