পৃষ্ঠা:Kamaratna Tantra.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

56


৬৯। অধ জন্মবন্ধ্যাৰ গৰ্ভধাৰণ।

 ১। ঔষধত গণেশ মন্ত্ৰ সাতবাৰ কৰি জপি খাব। কপট ফুলৰ মূল বিবাৰে আনি এক বৰ্ণীয়া গোৰ থিৰেৰে কন্যাকাল নোহোৱা অবিয়া ছোৱালীয়ে বাটিব। মন্ত্ৰিতকৈ দুই তোলা মাত্ৰাত সাদিন খাব। হবিষ্যান্ন খাব, নিয়ম ধৰিব। দিনত নিদ্ৰা, শোক, ভয়, উদবেগ এৰিব, বহু কৰ্ম্ম নকৰিব, বৰ জাৰ বৰ ৰদত নেথাকিব। এক বা দুই মাহ এহি নিয়মে থাকিব।

 ২। এক মুখীয়া ৰুদ্ৰাক্ষ, কপৌ ফুলৰ মূল সমকৈ এক তোলা লৈ এক বৰ্ণীয়। গো খিৰেৰে বাটি মন্ত্ৰিত কৈ ঋতু কালে খাইব। গণেশ মন্ত্ৰে ওঁ দদন্মহা গণপতে ৰক্ষামৃতং মৎসুতং দেহি বুলি ৰক্ষা বান্ধিব। সাত দিন থাব, স্বামীৰ সঙ্গত শুব পুত্ৰৱতী হয়।

 ৩। পলাশৰ এক পত্ৰ গৰ্ভৱতী নাৰীৰ দুগ্ধেৰে বাটি ঋতুকালত সাতদিন খাব, পুত্ৰ হয়।

 ৪। কেঁহেৰু, এৰি, তিল তেল এক পোহ। বৃষৰ মুত্ৰেৰে বাটি গোবৰ খুটিৰ অগ্নিৰে সিজাই মন্ত্ৰিত কৈ ঋতুকালে সাত দিন খাব, পুত্ৰ হয়। ইতি জন্ম বন্ধ্যাৰ পুত্ৰকৰণ॥