পৃষ্ঠা:Kamaratna Tantra.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অষ্টম পটল।

৬৩। অথ নপুংসক কৰণ।

 তাৰে সাম্যকৰণ ক্ষুদ্ৰ শৌচ যায় তাতে কলীয়া বিছা পুতি থলে নপুংসক হয়। তুলি পেলালে ভাল হয়। পানীজোক পুৰি চামনি মিহলাই খুৱালে নপুংসক হয়। ধূতুৰাৰ ফুল খুৱালে গুচে। ইতি নপুংসক কৰণ।


৬৪। অথ যোনী বন্ধন।

 তাৰে মোচন। নাৰিকলৰ মূল, স্ত্ৰীৰ বাম ভৰিৰ ধূলা, আগ দিন। আনি যেনী বন্ধ মন্ত্ৰে মন্ত্ৰিত কৰি বস্ত্ৰেৰে টুপলি বান্ধি তাতে চিটাচিটি মন্ত্ৰ অষ্টোত্তৰ শত জপিব। কামবল গুচে, ঋতু নহয়। বচ, ইলাচি, জাতি চন্দনে ভগ ধুব। বজ্ৰমুষ্টি মন্ত্ৰক সাত বাৰ জপি জল পিৰ। তেবে যোনীবন্ধ গুচি কুশল হয়। এলাচিৰ গুটিৰ গুৰি গোৱালিনী পৰুৱাৰ গুৰি যোনীত খেপিলে তেওঁ মাত্ৰ বমিব পাৰে, আনে নপাৰে। গো খিৰ মথি যোনী পলিলেতেৱে পূৰ্বৱত হয়। ইতি যোনী বন্ধন মোন!