পৃষ্ঠা:Kamaratna Tantra.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

44


২। মহৰ শিঙ্গৰ ভিতৰত কালজীৰ ভৰাই মুখ বান্ধি বৰ পঙ্কত পুতি থব। ছয় মাহ হলে তুলিব। এক তোলাকৈ এক পক্ষ কেশত ঘহিব। পকা চুলি। কেচা হয়। জীৱন পৰ্যন্তে ভোমোৰাৰ পাখিৰ নিচিনাকৈ থাকে। ইতি কেশৰঞ্জন।


৫২। অথ কেশ সুগন্ধকৰণ।

 গন্ধবিৰিণাৰ মূল, আমলখী, জামুৰ মূল, পদ্মৰ পাত সবাকে বাটি কেশত ঘহিব। সুগন্ধ হয়। ইতি কেশ সুগন্ধকৰণ।

৫৩। অথ কেশত ওকনী নিবাৰণ।

১। বেলৰ মূল গোমূত্ৰেৰে বাটি মূৰত লিপিলে লিখা ওকনী মৰে। ২। হালধি, কলীয়া হালধি, চামনি সবাকে বাটি কাণৰ পৰাই মুৰত চাকি ঘহিব। লিখ। ওমী মবে। ইতি কেশৰ ওকনী নিবাৰণ।

৫৪। অথ কেশ দৃঢ়কৰণ।

আঁই ফুলৰ মূল, পাত কলীয়া গোমূত্ৰেৰে বাটি সাত দিন কেশত ঘঁহিব। কেশ দৃঢ় হয়। কলীয়া গোমূত্ৰে ওৰ ফুল পিহি লগালে দৃঢ় হয়। ইতি কেশ দৃঢ়কৰণ।