পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
নাট-মন্দিৰৰ ভিতৰে বাহিৰে

বোম্বাইৰ দময়ন্তী যোশীয়েও যোগদান কৰিছিল। অধিবেশনিৰ মুখ্য আলহী আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।

 অকল অসমতে নহয়, সমগ্ৰ ভাৰততে দেৱদাসী নৃত্য অসমৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল। ১৯৬১ চনত অসম ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনি অনুসৰি দেৱদাসী নৃত্য উৰিষ্যা ৰাজ্যৰ কটক, ভুৱনেশ্বৰ, পুৰী আদি ঠাইবিলাকত প্ৰদৰ্শিত হয়।

 ১৯৬৫ চনত কলিকতাৰ ‘অসম ভৱন’ উদ্বোধনী উৎসৱত দেৱদাসী নৃত্য দেখুওৱা হয়। বৰ্ত্তমান ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয় ফখৰুদ্দিন আলি আহমেদ উক্ত উদ্বোধনী উৎসৱৰ পুৰোহিত আছিল। সেই একে যাত্ৰাতে এই দলটোৱে গণতন্ত্ৰ দিৱস উপলক্ষে ভাৰতৰ ৰাজধানী দিল্লীত দেৱদাসী নৃত্য দেখুৱাই বিশেষ সুখ্যাতি অৰ্জ্জন কৰিবলৈ সমৰ্থ হয়। সিদিনাৰ নৃত্যৰ ছবি বিখ্যাত ‘ইলাষ্ট্ৰেড্‌ উইক্‌লি’ৰ সমকালীন সংখ্যাত ‘ফক্‌ডেন্স অব আসাম' শিৰোণামাৰে প্ৰকাশ হৈছিল

 ১৯৫৭ চনত অসম ৰাজ্য চৰকাৰৰ আৰু ১৯৬৪ চনত ভাৰত চৰকাৰৰ বাৰ্ত্তা আৰু অনাতাঁৰ মন্ত্ৰীদপ্তৰৰ অধীনস্থ বোলছবি বিভাগৰ দ্বাৰা ডুবি দেৱদাসী নৃত্যৰ তথ্যচিত্ৰ গ্ৰহণ কৰা হয়। এই তথ্য চিত্ৰ অসম তথা ভাৰতৰ ভিতৰে বাহিৰে প্ৰদৰ্শিত হৈ আছে।

 ১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহত বহা পূৰ্ব্বাঞ্চলীয় ৰাজ্যিক সাংস্কৃতিক সন্মিলনত দেৱদাসী নৃত্য দেখুৱাই বিশেষ সুনাম অৰ্জ্জন কৰে। মঞ্চৰ ওপৰত ১৪ গৰাকী শিল্পীৰ (নাচনী আৰু বায়ন) একত্ৰ- সমাবেশ সিদিনাৰ নৃত্যৰ এক আকৰ্ষণীয় বস্তু আছিল।

 আৰম্ভণিৰে পৰা এই দেৱদাসী নৃত্যৰ দলটোত জড়িতসকল হ’ল পৰিচালনাত— শ্ৰীৰত্নকান্ত তালুকদাৰ, নৃত্যত— ৰেণু দেৱী, বীণা চৌধুৰী, জয়া পাটগিৰি, লীলা দাস, গীত লহকৰ, বিজু দেবী,