ব্যৱস্থা কৰা হ'ল। তেওঁলোক হ'ল শ্ৰীমতী জয়া পাটগিৰি, শ্ৰীমতী ৰেণু দেৱী, শ্ৰীমতী লীলা দাস আৰু শ্ৰীমতী বীণা চৌধুৰী। খোল। শিকিলে শ্ৰীৰত্ন তালুকদাৰে নিজে। শিকালে ৺বেছাৰাম বায়নে।
কলাগুৰুৰ দিহা-পৰামৰ্শ, শ্ৰীতালুকদাৰৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু সৰু সৰু ছোৱালীকেইজনীৰ ( আটাইকেইজনী মাইনৰ স্কুলৰ ছাত্ৰী) উদগ্ৰ আগ্ৰহত মৰহি যাবলৈ ওলোৱা অন্ততঃ এটা নাচ কোনো প্ৰকাৰে পুনৰ পোহৰলৈ ওলাবলৈ সমৰ্থ হ’ল।
মূল নৃত্যটো দীঘলীয়া। পিচে বাহিৰৰ অনুষ্ঠানবোৰত অতি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পৰিবেশন কৰিবলগীয়া হোৱাত সংক্ষিপ্তকৰণ কৰা হ'ল। তাল, বোল আদি কমোৱা হোৱা নাই, মাথোন পুনৰুক্তি নকৰি নৃত্যৰ গতিবেগহে বঢ়াই দিয়া হৈছে। সেয়ে চাই আমনি নালগে।
নাচোনৰ চেৱে চেৱে
দেৱদাসী— এই নৃত্যটো আনুষ্ঠানিকভাৱে প্ৰথম দেখুওৱা হয় ১৯৫৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত। তাৰ পিচৰ পৰা ই অসমৰ চুকে-কোণে প্ৰদৰ্শিত হৈ আহিছে।
ইতিমধ্যে ডুবি দেৱদাসী নৃত্য সম্বন্ধে কাগজে-পত্ৰে কেবাগৰাকী গুণগ্ৰাহী ব্যক্তিয়ে আলোচনা-সমালোচনা আগ বঢ়ায়। শ্ৰীৰত্ন তালুকদাৰ আৰু ৺কৌশল্যা বালাৰ সাক্ষাৎ-প্ৰসঙ্গও দুই-এগৰাকী উৎসুক ব্যক্তিয়ে সাময়িক পত্ৰিকাত প্ৰকাশ কবে। ফলত নৃত্যটোৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষিত হয়। অসমৰ বিভিন্ন সাংস্কৃতিক অনুস্থান আদিৰ পৰা প্ৰদৰ্শনৰ বাবে সাদৰ আমন্ত্ৰণ আহিবলৈ ধৰে।
১৯৫৯ চনত গুৱাহাটীত বহা অসম সঙ্গীত নাটক একাডেমী অধিবেশনত দেৱদাসী নৃত্য প্ৰদৰ্শিত হয় আৰু স্বীকৃতি লাভ কৰে। সিদিনাৰ অনুষ্ঠানত ভাৰতৰ বিখ্যাত কথকনৃত্যবিদ গোপীকৃষ্ণ আৰু