পৃষ্ঠা:Chalachitra.pdf/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তুলিবলৈ নায়ক যাবলৈ ওলায়, সংক্ষিপ্ত সংলাপত নায়িকাই কয়— ঘটনাটো মনত নাৰাখিবলৈ, যান্ত্ৰিকভাবে নায়ক গুচি যায়।

 ওপৰত আলোচনা কৰা দৃশ্যটো পৰিচালকে দুভাগত বিভক্ত কৰি লৈছে। প্ৰথম ভাগটোত চৰিত্ৰ আৰু কেমেৰাৰ যথেষ্ট মুভমেণ্ট আছে আৰু দ্বিতীয় ভাগটো আৰম্ভ হৈছে স্থিৰ শ্বটেৰে। দৃশ্যগ্ৰহণৰ এই আংগিকতাত কৌশলেৰে পৰিচালকে তেওঁৰ বক্তব্য অতি সহজভাবে দৰ্শকৰ মাজলৈ কঢ়িয়াই নিয়ে।

 ‘তৃষ্ণা’ ঘটনাকেন্দ্ৰিক ছবি নহয় অনুভূতিকেন্দ্ৰিক ছবিহে। আবিয়ৈ ছোৱালী এজনীৰ কামনা-বাসনা, জৈৱিক প্ৰয়োজন, সেই প্ৰয়োজন পূৰণ কৰাৰ বাবে ইচ্ছা, দ্বন্দ্ব, নিজৰ সমৰ্থনৰ যুক্তি, মন পৰিবৰ্তনৰ পৰ্যায়— এইবোৰ মানসিক অৱস্থাই ছবিখনৰ সিংহভাগ দখল কৰি আছে।

 ‘তৃষ্ণা’ৰ চৰিত্ৰ সম্পূৰ্ণ বাস্তৱ, নৈতিকতাৰ প্ৰশ্নৰে এই বাস্তৱতাক এৰাই যাব খোজা হোৱা নাই। সামাজিক নৈতিকতাৰ দিশেৰে অনৈতিক বুলি কোৱা কথা এটাক ছেলুলয়ডৰ পৰ্দাত,তাকো দূৰদৰ্শনৰ মাধ্যমেৰে ক'বলৈ পৰিচালক যে যথেষ্ট সাহসী হ'ব লাগিব তাত কোনো সন্দেহ নাই।

 ‘তৃষ্ণা’ত কোনো বাহ্যিক দ্বন্দ্ব নাই। তেওঁৰ দ্বন্দ্ব কেৱল মনৰ ভিতৰৰ। কেইটামান শাৰীৰিক অংগীভংগী, কেমেৰাৰ সুন্দৰ ব্যৱহাৰ আৰু শ্বটৰ দৈৰ্ঘ্যৰ কৌশল— এই তিনিবিধ উপাদানেৰেই সাগৰে তেওঁৰ নায়িকাৰ মানসিক দ্বন্দ্ব সুন্দৰভাৱে প্ৰকাশ কৰিছে।

 তথাকথিত সামাজিক নৈতিকতাৰ প্ৰশ্ন লৈ নায়িকা বিব্ৰত নহয়; নায়কহে কিছু চিন্তিত। নায়কৰ কোনা মানসিক দ্বন্দ্ব নাই; সামাজিক নিন্দাৰ ভয়নাই বুলি নায়িকাৰ পৰা আশ্বাস পোৱাৰ লগে-লগেই নায়কে নায়িকাৰ আহ্বানত সঁহাৰি দিছে; অথচ সেই মুহূৰ্তটো পোৱাৰ সময়লৈকে নায়িকাই নানান অন্তৰ্দ্বন্দ্ব অতিক্ৰম কৰিবলগীয়া হৈছে। সামাজিক নৈতিকতাবোধৰ ভিত্তি যে কিমান থুনুকা আৰু অগভীৰ তাক এটা

৮৮