পৃষ্ঠা:Chalachitra.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰু দৃশ্য আৰু সংক্ষিপ্ত সংলাপেৰে পৰিচালকে দাঙি ধৰিছে। এক কথাত, তৃষ্ণা হ’ল সামাজিক নৈতিকতাবোধ আৰু ব্যক্তিগত কামনা- বাসনাৰ দ্বন্দ্বৰ ছবি।

 যুৱতীগৰাকীৰ চৰিত্ৰত মলয়া গোস্বামীয়ে কৰা অভিনয় ছবিখনৰ অন্যতম সম্পদ। সীমিত মুভমেণ্টৰ মাজত থাকিও মলয়া গোস্বামীয়ে চকুৱে মুখে অনুভূতি যি তীব্ৰতা সংবেদনশীল ৰূপত প্ৰকাশ কৰিছে তাৰ মাজত তেওঁৰ অভিনয় দক্ষতা সুন্দৰভাবে প্ৰদৰ্শিত হৈছে। কেমেৰাৰ দৃষ্টিকোণত সঠিক নিৰ্বাচন আৰু উপযুক্ত আৱহসংগীতেও অভিনয়ৰ মহিমা বৃদ্ধি কৰাত সহায় কৰিছে।

 ছবিৰ দৃশ্যগ্ৰহণৰ কাম কৰিছে মধু মহনকালী আৰু আৱহ-সংগীত ৰচনা কৰিছে অসমৰ অন্যতম প্ৰতিভাবান বেহেলাবাদক ঋষি দুৱৰাই।

 ছবিখনৰ দুৰ্বল অংশটো হ’ল শব্দ ৰি-ৰেকৰ্ডিং। দুই-এঠাইত থকা অপ্ৰয়োজনীয় শব্দই কাণত পীড়া দিয়ে। সম্ভৱতঃ সমীমিত বাজেট বা সীমিত সময়ৰ বাবেই পৰিচালকে এই দুৰ্বলতাবোৰ আঁতৰ কৰিব নোৱাৰিলে। তৃষ্ণাৰ বাকী দিশবোৰৰ পৰিপক্কতালৈ চাই অনুমান কৰা সহজ যে পৰবৰ্তী ছবিত সাগৰে এই দুৰ্বলতা অকণো থাকিবলৈ নিদিব। পৰৱৰ্তী ছবিলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰ’লো।

 (আকিৰা কুৰোশ্বৱাৰ বক্তব্যবোৰ তেওঁৰ আত্মজীৱনী Someting like an autobiography ৰ পৰা লোৱা হৈছে। ..... লেখক)

৮৯