পৃষ্ঠা:Chalachitra.pdf/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দক্ষতাৰ কথা পুনৰ কোৱাৰ প্ৰয়োজন নাই। এই ছবিৰ সংলাপত সেই দক্ষতাই পূৰ্ব কৃতিত্বক চেৰ পেলাই গৈছে।

 বহু সমালোচকে আপত্তি কৰে যে ডঃ শইকীয়াৰ ছবিৰ শেষ দৃশ্যৰ সংলাপৰ প্ৰয়োগে ছবিৰ দৃশ্যগত সৌন্দৰ্য ম্লান কৰি পেলায়। এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰি; কিন্তু ‘আৱৰ্তন’ সংলাপেৰে শেষ হোৱা নাই, শেষ হৈছে চেকভৰ গল্পৰ দৰে চমৎকাৰ চমকেৰে⸺ অকল ছবিৰ যোগেৰে। ছবিৰ আৰম্ভণিৰ বাছ যাত্ৰাৰ দৃশৰ দৰেই আন এটি বাছ যাত্ৰাৰে ছবিৰ সামৰণি মৰা হৈছে। আৰম্ভণিৰ বাছ যাত্ৰাটো আছিল একমাত্ৰিক এটা সাধাৰণ যাত্ৰা; কিন্তু সামৰণিৰ বাছ যাত্ৰাটো বহুমাত্ৰিক। দুয়োটা দৃশ্যই দৃশ্যগত ৰূপত একেই, কিন্তু ব্যঞ্জনাৰ দিশৰ পৰা বহুত বহুত পৃথক। প্ৰথম যাত্ৰাটো আছিল এটি সাধাৰণ যাত্ৰা; কিন্তু শেষৰ যাত্ৰাৰ নেপথ্যত আছে অলেখ ঘটনা বহুল পৰিবেশ আৰু পৰিস্থিতি। এই সকলোেবোৰ অতিক্ৰম কৰিব পৰা কাৰণেহে এই শেষ যাত্ৰাটো সম্ভৱ হ’ল। আচলতে এই শেষ যাত্ৰাটিও এটি নতুন যাত্ৰাহে।

 এইখিনিতেই প্ৰশ্ন এটিৰ উদয় হয়— ‘আৱৰ্তন’ত ভ্ৰাম্যমান থিয়েটাৰৰ পটভূমি আৰু বিভিন্ন কথা আহি পৰিছে কেন্দ্ৰীয় চৰিত্ৰটিৰ বাবেহে; থিয়েটাৰৰ বিভিন্ন দিশ বা থিয়েটাৰৰ আলোচনা এই ছবিত নাই। তেন্তে ভ্ৰাম্যমান থিয়েটাৰক ছবিৰ পটভূমি হিচাবে ব্যৱহাৰ কৰা হ’ল কিয়? অকল ৰঙীণ আৰু অতি দ্ৰুত পৰিবৰ্তনশীল পটভূমিৰ বাবেইনে? কেন্দ্ৰীয় নাৰী চৰিত্ৰটি অভিনেত্ৰী নহৈ অইন হোৱা হ’লেও ছবিৰ একেই বক্তব্য প্ৰকাশ কৰিব পৰা গ'লহেঁতেন। তেন্তে?

 ‘মানুহৰ জীৱনটোৱেই নাটঘৰ’, ‘মানুহবোৰ ভাৱৰীয়া’ এই প্ৰচলিত আৰু বহুব্যৱহৃত ব্যক্যাংশৰ ব্যঞ্জনাৰ আঁত ধৰিয়েই ডঃ শইকীয়াই নিজৰ বক্তব্য প্ৰকাশৰ বাবে বাচি লৈছে নাট্যদল এটিৰ পটভূমি। নাটকত মানুহে নিজস্ব সত্তা ঢাকি থৈ দিয়ে আন আৰোপিত ৰূপ এটিৰে। আৰোপিত ৰূপটি আৰু আচল ৰূপৰ মাজত ৰৈ যায় অলেখ

পাৰ্থক্য। মঞ্চৰ পৰা বাস্তব জীৱনলৈ ঘূৰি গ’লেই প্ৰকাশিত হয় আচল

৮০