পৃষ্ঠা:Chalachitra.pdf/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অবিৰ্ভাৱ ঘটিছে⸺ আখৰাই গতি লৈছে⸺ তাৰ লগে লগে নানান সমস্যাই নায়িকাক বিব্ৰত কৰিছে ⸺ থিয়েটাৰৰ প্ৰস্তুতি শেষ পৰ্যায়ৰ ষ্টেজ ৰিহাৰ্চেলৰ সময়তে নায়িকাই প্ৰথম বাৰৰ বাবে প্ৰযোজকৰ লগত মুখামুখি দ্বন্দত অবতীৰ্ণ হৈছে ⸺ এয়াই চূড়ান্ত দ্বন্দ।

 চৰিত্ৰ চিত্ৰায়ণৰ ক্ষেত্ৰত চিত্ৰনাট্যকাৰে অদ্ভুত পৰিমিতি বোধৰ পৰিচয় দিছে। চিত্ৰনাট্যকাৰে ঘটনাৰ পৰিবৰ্তে ঘটনাৰ প্ৰতিক্ৰিয়াবোৰক প্ৰথম স্থান দিছে আৰু সেই বাবেই নায়িকাৰ জীৱনত ঘটি যোৱা ঘটনাবোৰৰ বৰ্ণনা ছবিত নাই— নায়িকাৰ জীৱনৰ কলংকিত অধ্যায়বোৰকো চিত্ৰনাট্যকাৰে সন্মুখলৈ আনিবলৈ বিচৰা নাই। যিবোৰৰ চিত্ৰায়ণৰ লোভ সম্বৰণ কৰাটো কিছু কঠিন কাম। অথচ সেই কাহিনীবোৰ বুজি পোৱাত দৰ্শকৰ অকণো অসুবিধা নহয়। ভাল-বেয়া, উচিত-অনুচিত আদি ধাৰণাবোৰো চিত্ৰনাট্যকাৰে চৰিত্ৰৰ দেহত আৰোপ কৰিব বিচৰা নাই। ভাল-বেয়া দুয়োটাকেই চিত্ৰনাট্যকাৰে সমান নিস্পৃহতাৰে অংকন কৰিছে, নায়িকাক ঘৃণাৰ পাত্ৰীও কৰি তুলিব বিচৰা নাই, আনকি নায়িকাৰ প্ৰতি অধিক সহানুভূতিসূচক দৃষ্টিও তেওঁ প্ৰদৰ্শন কৰা নাই। এই নিৰ্লিপ্ততাৰ বাবেই নায়িকাৰ চৰিত্ৰটি তেজ-মঙহৰ চৰিত্ৰ হিচাবে পৰ্দাৰ বুকুলৈ উঠি আহিছে।

 চিত্ৰনাট্যকাৰ অধিক সংৰক্ষণশীল হৈছে অভিযন্তাৰ চৰিত্ৰটি অংকনত। কাহিনীৰ সূত্ৰপাত আৰু বিকাশত এই চৰিত্ৰটি সৰ্বাধিক গুৰুত্বপূৰ্ণ। কিন্তু যিমান কম এক্সপোজাৰ দি এই চৰিত্ৰটিক গুৰুত্বসহকাৰে উপস্থিত কৰাব পাৰি চিত্ৰনাট্যকাৰে তাতেই মনোযোগ দিব বিচাৰিছে। এই চৰিত্ৰটিৰ বিষয়ে অধিক জানিবলৈ মন যোৱাটো দৰ্শকৰ বাবে অতি স্বাভাৱিক; কিন্তু কাহিনীৰ মূল বক্তব্য প্ৰকাশৰ বাবে এই চৰিত্ৰটিৰ নেপথ্য কাহিনীৰ বিশেষ প্ৰয়োজন নাই বাবেই চৰিত্ৰটিক শাৰীৰিকভাবে পৰ্দাৰ পৰা প্ৰায়েই দূৰত ৰখা হৈছে অথচ ছবিৰ প্ৰতিটো মুহূৰ্ততেই এই চৰিত্ৰটিৰ অৱস্থিতি অনুভৱ কৰি থকা যায়।

 ডঃ শইকীয়াৰ সকলো ছবিত থকাৰ দৰে এই ছবিতো সংলাপৰ

গুৰত্ব অধিক। চলচ্চিত্ৰ সংলাপ ৰচনাৰ ক্ষেত্ৰত ডঃ শইকীয়াৰ বিৰল

৭৯