পৃষ্ঠা:Chalachitra.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মধ্যবিত্তীয় সমাজত সৃষ্টি কৰা নানান সমস্যা আৰু প্ৰশ্ন উত্তৰ ইয়াত বিচৰা হৈছে। সন্দেহ নাই, আন্দোলনটি অতি আবেগিক আছিল, কিন্তু সেই আবেগপূৰ্ণ আন্দোলনৰ ভেটিত নিৰ্মাণ ‘সংকল্প’ যুক্তি প্ৰধান ছবি।

 আলফাৰ অভ্যুত্থানৰ লগত বাহ্যিক মিল থকা বা আলফাৰ দ্বাৰা অনুপ্ৰাণিত ছবি হ’ল ‘সূৰ্য্য তেজৰ অন্য নাম’। সমকালীন বাস্তৱৰ প্ৰতিচ্ছবি থকা এই ছবি দৰ্শকে আদৰেৰে গ্ৰহন কৰিছিল। ‘ফিৰঙতি’ (৯১)ত স্থানীয় আৰু বাহিৰৰ যুৱকৰ সংঘাতৰ ছবি আছে যিটো ধাৰণা অসমত আবিৰ্ভাৱ হয় নব্বৈৰ দশকত। কিন্তু ষাঠিৰ দশকৰ নিৰ্মিত ছবিখনত এই ধাৰণাৰ প্ৰয়োগ গ্ৰহণ কৰিব নোৱাৰি। হয়তো সামাজিক সমস্যাৰ অতি-প্ৰতিফলন কৰিবলৈ যোৱাৰ উৎসাহৰ আতিশয্যতেই চিত্ৰনাট্যকাৰ জাহ্নু বৰুৱাই সময়ৰ কথা আওকাণ কৰি গুচি গ’ল। তথাপিতো এই কথাই এটা কথাকে প্ৰতিপন্ন কৰে যে অতি উপৰুৱা দৃষ্টিভংগী হ’লেও জাহ্নু বৰুৱা সামাজিক সমস্যাৰ প্ৰতি সচেতন।

 ৮১-৯৩ চনত অসমৰ সমাজ জীৱন বিপৰ্যস্ত কৰি তোলা এবিধ উপাদান হ’ল ‘উপভোক্তাবাদ’ আৰু দুৰ্নীতি। উপভোক্তাবাদৰ আগ্ৰহী হাতোৰাই মধ্যবিত্তীয় জীৱন কেনেদৰে আঁকোৱালি লৈছে তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে ডঃভবেন্দ্ৰনাথ শইকীয়াৰ ‘সাৰথি’ ছবিত। বিচ্ছিন্নভাৱে মুনীন বৰুৱাৰ ‘প্ৰভাতী পখীৰ গান’তো ইয়াৰ প্ৰভাৱ আছে। দুৰ্নীতি বিষয়টোৱে আগস্থান পাইছে জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘বনানী’, মুনীন বৰুৱাৰ ‘পিতাপুত্ৰ’ ছবিত। জাহ্নু বৰুৱাই পোনপটীয়াকৈ উদ্দেশ্যধৰ্মী ছবি নিৰ্মাণ কৰে, মুনীন বৰুৱাই মুখ্যতঃ বিনোদন ধৰ্মী ছবিয়েই নিৰ্মাণ কৰি আহিছে আৰু নিজৰ পৰিসীমাৰ মাজত থাকিও সৎভাবেই সামাজিক সমস্যা আৰু পৰিবৰ্তনক ছবি মাজেৰে দাঙি ধৰিব বিচাৰিছে। অইন পৰিচালকৰ বাবে চিত্ৰনাট্য ৰচনা বা সহকাৰী পৰিচালক হিচাবে কাম কৰা সময়ত মুনীন বৰুৱাৰ সামাজিক দায়বদ্ধতাৰ চিনাকি পোৱা নগৈছিল। কিন্তু শ্ৰীবৰুৱাই নিজে যেতিয়া পৰিচালকৰ ৰূপত আত্মপ্ৰকাশ কবিলে তেতিয়াই এগৰাকী দায়বদ্ধ শিল্পীৰ পৰিচয় দাঙি ধৰিলে। ৰুচিবোধ বিসৰ্জন নিদিয়াকৈ দৰ্শকৰ মনঃপুত ছবি

৪৭