পৃষ্ঠা:Chalachitra.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নিৰ্মাণ কৰাৰ দক্ষতা প্ৰমাণ কৰা মুনিন বৰুৱাৰ দৰে পৰিচালকৰ হাতত অসমীয়া ছবি নিৰাপদ বুলি বিশ্বাস কৰিব পাৰি। মুনীন বৰুৱাৰ এই দুয়োখন ছবিৰেই কাহিনী আছিল অমূল্য কাকতিৰ।

 অতুল বৰদলৈয়ে পৰিচালনা কৰা ‘গ্ৰহণ’ (কাহিনী নিজৰ) আৰু ‘দৃষ্টি’ (কাহিনী- দেবব্ৰত দাস)- এই দুয়োখন ছবিতেই সামাজিক সমস্যাৰ প্ৰতিফলন ঘটিছে। চাৰুকমল হাজৰিকাৰ ‘বান’ ছবিতো মাজুলীৰ বানপানীৰ সমস্যাৰ কথাই মুখয়স্থান অধিকাৰ কৰিছে। মুনীন বৰুৱাৰ ‘পাহাৰী কন্যা’ ছবিও অসমৰ পাহাৰ-ভৈয়াম সম্প্ৰীতিৰ ওপৰত নিৰ্মিত উদ্দেশ্যপূৰ্ণ বিনোদন ছবি। ৱাইছকূৰ্ণী বৰাৰ ‘প্ৰিয়জন’ ছবিতো সামাজিক সমস্যাৰ প্ৰতিফলন আছে। ৰঞ্জিত দাসৰ ‘প্ৰত্যাবৰ্তন’ আৰু সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’-ও সামাজিক সমস্যাৰ চিত্ৰণ থকা ছবি- কিন্তু এই সমস্যাই বিশেষ সমকালীন চৰিত্ৰ বা স্পিৰিট দাঙি নধৰে।

 হেমেন দাসৰ ‘যুঁজ’, সুপ্ৰভা দেবী-হীৰেণ চৌধুৰীৰ ‘সৰবজান’, দ্বিবন বৰুৱাৰৰ ‘অজলা কাই’, ফণী তালুকদাৰৰ ‘মানস কন্যা’ আদি ছবিতো সামাজিক চেতনাৰ আভাষ দেখা যাই। এই চেতনা কেতিয়াবা সংস্কৃতিকেন্দ্ৰিক, কেতিয়াবা আচৰণ কেন্দ্ৰিক আৰু কেতিয়াবা পৰিবেশকেন্দ্ৰীক।

 অসমৰ ৰাজনৈতিক আৰু সামাজিক দৃশ্যপটৰ পৰিবৰ্তনে চিৰ্তনিৰ্মাতা সকলৰমনত পেলোৱা প্ৰভাবৰ বাবেই ইমানদিনে চলি অহা মেল’ড্ৰামাটিক ছবিৰ ধাৰাৰ পৰা আঁতৰি গৈ বহু চিত্ৰ নিৰ্মাতাই বক্তব্যৰ দিশৰ পৰা বেলেগ চিন্তাৰ ছবি নিৰ্মাণ কৰিবলৈ সাহস কৰিছিল। এই সাহস প্ৰশংসাযোগ্য, কিন্তু ‘সূৰ্য্য তেজৰ অন্য নাম’ ছবিৰ বাহিৰে আন এখনো ছবিয়েই দৰ্শকৰ পৰা ইপ্সিত সঁহাৰি পোৱা নাছিল। অসমীয়া ছবি পৰিবেশনৰ দুষ্ট চক্ৰটোৰ অসহযোগিতা আৰু ষড়যন্ত্ৰৰ বলি হৈছে ইয়াৰ অধিকাংশ ছবি। চিত্ৰনাট্য আৰু কাৰিকৰি দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ। ‘পিতা পুত্ৰ’ আৰু ‘প্ৰভাতী পখীৰ গান’- এই দুয়োখন ছবিৰ সাফল্যৰ কাৰণ আছিল ছবি দুখন প্ৰদৰ্শনৰ বাবে কৰা সকলো ধৰণৰ সু-ব্যৱস্থা। এগৰাকী অভিজ্ঞ পৰিবেশক এই ছবি প্ৰযোজনাৰ লগত জড়িত আছিল বাবেই এই সুবিধা হৈছিল।

৪৮