পৃষ্ঠা:Chalachitra.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া চলচ্চিত্ৰৰ ৰূপৰেখা
১৯৮১-১৯৯৩

 

 ১৯৮১ৰ পৰা ১৯৯৩ চন— এই তেৰ বছৰত এসময়ৰ ৰাজনৈতিক আৰু অৰ্থনেতিক জীৱনে নানান পৰিৱৰ্তনৰ মাজেৰে অতিবাহিত কৰিছে। বিদেশী বিতাৰণ আন্দোলনৰ উত্তাল অৱস্থা, ইয়াৰ লগে লগে মানুহৰ মনত জন্ম লোৱা নানান ধৰণৰ পৰিৱৰ্তনৰ আশা আৰু আকাংক্ষা, ৰাজনৈতিক সচেতনতা বৃদ্ধি, তিৰাশীৰ ৰক্তস্নাত নিৰ্বাচন, ৰাজনৈতিক অস্থিৰতা, ’৮৫ৰ নিৰ্বাচন, ৰাজনৈতিক দৃশ্যপটত ডেকা-তৰুন শক্তিৰ অভ্যুত্থান, ৰাইজৰ প্ৰত্যাশা বৃদ্ধি, আশা ভংগ, এই সমগ্ৰক আশাভংগই জন্ম দিয়া আলফাৰ দৰে সংগঠনৰ জন্ম আৰু ৰাইজৰ আস্থা অৰ্জন- এনে ব্যাপক আৰু দ্ৰুত পৰিবৰ্তিত ৰাজনৈতিক-সামাজিক অৱস্থাৰ মাজেৰে উল্লেখিত তেৰতা বছৰ পাৰ হৈ গৈছে।

 ইয়াৰ লগতে আহিছে দূৰদৰ্শনৰ অক্টোপাছ অলিংগন। ’৮২ চনত অনুস্থিত হোৱা ‘এচিয়াড’ৰ লগত সম্পৰ্ক ৰাখি ভাৰতৰ চৌদিশে বিয়পি পৰা দূৰদৰ্শনৰ মায়াময় জগত- নতুন মাধ্যম নতুন আহিলাৰে পোৱা মনোৰঞ্জনৰ আক্ৰমণে অসমৰ সামাজিক জীৱন দ্ৰুতগতিত সলনি কৰি দিছিল। দূৰদৰ্শন যোগে প্ৰচাৰিত অনুস্থানবোৰৰ লগতে প্ৰচাৰিত বিজ্ঞাপনৰ জগতেও ‘ভোগবাদী’ মনোভাবৰ বৰ্ধনত সহায় কৰি দিলে। তাৰ লগে লগে ভিদিঅ’, ছেটেলাইট টেলিভিছন এইবোৰতো আছেই। টেলিভিছনে সলনি কৰি দিলে জীৱন ধাৰণ প্ৰক্ৰিয়া আৰু বিনোদনৰ অনুষ্ঠানবোৰ। চিত্ৰগৃহত দৰ্শকৰ ভিৰ কমি গ’ল, সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাণচঞ্চলতা হ্ৰাস পালে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক প্ৰচাৰ আৰম্ভ কৰাৰ লগে লগে অসমীয়া চিনেমা উদ্যোগতো তোলপাৰ লাগি গ’ল। যোৱা তেৰ বছৰৰ অসমীয়া ছবিজগতৰ পিনে এবাৰ চাবলে যোৱা সময়ত আমি এই উপাদানবোৰৰ উপস্থিতি আৰু প্ৰভাৱ অস্বীকাৰ কৰিলে নচলিব।