পৃষ্ঠা:Chalachitra.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘মোহৰা’ৰ দৰে ভায়লেন্স সৰ্বস্ব ছবিয়েই হওক বা ‘কৰণ অৰ্জুন’ৰ দৰে যৌনতা প্ৰধান ছবিয়েই হওক। ছেক্স-ভায়োলেন্স বা মিউজিক- আটাইবোৰ উপাদানেই দৰ্শকে সমানেই গ্ৰহণ আৰু হজম কৰে। কথা হ’ল পৰিবেশন পদ্ধতি।

 অসমীয়া ছবিৰ পৰিবেশন পদ্ধতিত পৰিবৰ্তন আনিব বিচৰা হৈছে, কিন্তু তাত কোনো চিন্তা-ভাৱনা নাই, পেছাদাৰী দক্ষতা নাই। এই দিশবোৰৰ প্ৰতি নিৰ্মাতা সচেতন নহ’লে দৰ্শকে সেই ছবিবোৰ প্ৰত্যাখ্যান কৰিবই - ই সৰল সত্য।

 
৪৪